সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মোদীৰ যাত্ৰাভংগ : উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে কৰিব তদন্ত

নিৰাপত্তাজনিত কাৰণত প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিনৰ পূৰ্বে আধাতে সামৰিবলগীয়া হৈছিল পঞ্জাৱ ভ্ৰমণ। এই ঘটনাৰ পিছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শাসক-বিৰোধীৰ মাজতো তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছিল। বিষয়টো গৈ পাইছিল উচ্চতম ন্যায়ালয়ৰ মজিয়া। অৱশেষত এই বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন সমিতি গঠন কৰিছে উচ্চতম ন্যায়ালয়ে । কমিটিখনত অন্তৰ্ভুক্ত আছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) আইজি, চণ্ডীগড়ৰ ডিজিপি, পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়ক আৰু পঞ্জাৱৰ এডিজিপি (নিৰাপত্তা)। সমিতিৰ সদস্যসকলৰ বিতং তথ্য আৰু নাম উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰকাশ কৰা হ’ব। মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত এখন বিচাৰপীঠে আজি এই নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে এই ঘটনাৰ তদন্ত কৰি থকা কেন্দ্ৰৰ সমিতি আৰু পঞ্জাৱ চৰকাৰৰ সমিতিসমূহক তদন্ত স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে ৷
কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছিল যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ব্লু বুক অনুসৰি নিৰাপত্তা ব্যৱস্থা কৰা হোৱা নাছিল। ৰাজ্যখনৰ ডিজিপিৰ তত্বাৱধানত পথটোত নিৰাপত্তা ব্যৱস্থা কৰিব লাগিছিল কিন্তু তাত ডিজিপিৰ তত্বাৱধানত নিৰাপত্তা ব্যৱস্থা কৰা নাছিল। ইয়াৰ বিপৰীতে পঞ্জাৱ চৰকাৰে কৈছে যে, কেন্দ্ৰই জাননী প্ৰেৰণ কৰি বিষয়াসকলক ভাবুকি দি আছে।

Leave A Reply

Your email address will not be published.