১২ দিনত বিক্রী প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ অসম গ্ৰন্থমেলাত

Share This Article

সামৰণি পৰিল  অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী জানুৱাৰীলৈকে ১২ দিনীয়াকৈ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা।প্ৰথমবাৰৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত “অসম গ্ৰন্থমেলা” নামেৰে অনুষ্ঠিত হৈছিল। পুহমহীয়া শীতকো নেওঁচি গ্ৰন্থৰ সুৱাস বিচাৰি উদুলি-মুদুলি হৈছিল চান্দামাৰীৰ খেলপথাৰ। প্ৰায় সৰু-বৰ ১৫০ গ্ৰন্থ বিপনী আছিল এইবাৰ অসম গ্ৰন্থমেলাত। অসমৰ উপৰিও দিল্লী, ঢাকা, কলিকাতাৰ কেইবাটাও গ্ৰন্থ বিপনীয়ে অংশগ্রহণ কৰিছিল এই গ্ৰন্থমেলাত। লিখক, পঢ়ুৱৈৰ মিলনভূমি অসম গ্ৰন্থমেলাত প্ৰতিদিনে প্ৰায় ২৫,০০০ হাজাৰতকৈ অধিক লোকৰ সমাগম হৈছিল এইবাৰ। ন-পুৰণি প্ৰায় ২০০ জন লেখকৰ গ্ৰন্থ উন্মোচন হৈছিল এইবাৰ গ্ৰন্থমেলাত। ১২ দিনত বিক্রী হৈছিল প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ। যিয়ে অভিলেখ কৰিছে এইবাৰ অসম গ্ৰন্থমেলাত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.