Investigative reporting with dedication.

নিতৌ ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্রান্ত ৰোগীৰ সংখ্যা। যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত। বিশ্ববিদ্যালয়খনৰ ১১ আৰু ১২ নম্বৰ হোষ্টেলৰ আৱাসী আক্রান্ত হৈছে ক’ভিডত। বৰ্তমান সময়ত দুয়োটা হোষ্টেলয়েই কণ্টেইনমেন জ’ন হিচাপে ঘোষণা কৰে। উল্লেখ্যযোগ্য যে, যোৰহাট জিলাত প্ৰতিদিনেই ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাই আহিছে। যাৰবাবে যোৰহাট প্ৰশাসনে জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।




