কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপত আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো

Share This Article

কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপত আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো। কাৰণ, শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰী মোডীৰ ফটো কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপৰ পৰা আঁতৰ কৰিবলৈ এক নিৰ্দেশনা দিছিল। ৫ ৰাজ্যত আগন্তক নিৰ্বাচনৰ বাবেই এই নিৰ্দেশনা প্ৰদান কৰিছে। ফেব্ৰুৱাৰীৰ পৰা দেশৰ ৫ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, গোৱা আৰু মণিপুৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। সেই অনুসৰি নিৰ্বাচনী আয়োগে এই অধিসূচনা জাৰি কৰিছে। এই সময়খিনিত ৰাজ্যকেইখনৰ পৰা প্ৰধানমন্ত্ৰীৰ ফটো কোউইন এপৰ লগতে কোভিড টিকাকৰণৰ প্ৰমাণপত্ৰৰ পৰা আঁতৰ কৰিবলৈ কোৱা হৈছে।

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.