কোভিডৰ গণসংক্ৰমণ……

Share This Article

অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো এটা দিন। আনহাতে ৰাজ্য চৰকাৰে অসমত নতুনকৈ SOP জাৰি কৰা পাছতো কোভিড-১৯ একেদিনাই ২,০০০ ৰ সীমা অতিক্ৰম কৰিছে। সোমবাৰৰ দিনটোত নতুনকৈ ২১৯৮ জন ৰোগী আক্ৰান্ত হৈছে কোভিডত। সৰ্বাধিক কামৰূপ(ম)তে যোৱা ২৪ ঘণ্টাত ৭৬০ জন আক্ৰান্ত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন(এনএইচএম)অনুসৰি, মৃত্যু হৈছে ২ জনৰ। আৰোগ্য হাৰ ৯৭.৭১ শতাংশ।

লগতে সোমবাৰৰ দিনটোত সমগ্ৰ দেশতে ১,৬৮,০৬৩ জন আক্ৰান্ত হৈছে কোভিডত। মৃত্যু হৈছে ২৭৭ জন। লগতে অমিক্ৰণত আক্ৰান্ত হৈছে ৪৪৬১ জন। সৰ্বাধিক মহাৰাষ্ট্ৰত ১২৪৭ জন, ৰাজস্থানত ৬৪৫ জন আৰু দিল্লীত ৫৪৬ জন আক্ৰান্ত হৈছে অমিক্ৰণত।

বৃহস্পতিবাৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কোভিড পৰিস্থিতিৰ সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত এক বৈঠকত মিলিত হব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.