সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ : খাবলৈ চাউল নাই , পানী নাই

‘ইউক্ৰেইনত আকাশী মাৰ্গৰ পৰা আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে ৷ বজাৰৰ পৰা সকলো লোকেই দাইল , আটা , চাউল কিনি লৈ গৈছে ৷ খাদ্য সামগ্ৰী কিনিবলৈ নোপোৱা হৈছে ৷ আমাৰ ওচৰত কেৱল মেগী , অলপ ফল মূল আৰু কিছু পৰিমানৰ ব্ৰেড আছে ৷ এইখিনিৰে দুই বা তিনিদিন চলাটোহে সম্ভৱ হ’ব ৷ তাৰ পাছত আমি কি কৰিম?’
এইদৰে অসহায়ভাৱে নিজৰ অৱস্থাৰ কথা বৰ্ণনা কৰিছে ইউক্ৰেইনত মেডিকেল অধ্যয়ন কৰিবলৈ যোৱা উত্তৰ প্ৰদেশৰ ছাত্ৰ ছনা উৰহমানে ৷ তেও ফ্ৰেংকৱিষ্ক ইন্টাৰনেশ্যনেল মেডিকেল ইউনিভাৰ্ছিটীৰ এম বি বি এছ প্ৰথম বৰ্ষৰ ছাত্ৰ ৷ বি বি চিক দিয়া এক সাক্ষাৎকাৰত তেও কয় যে ভাৰতীয় দূতাবাসে ইউক্ৰেইন এৰিবলৈ পৰামৰ্শ দিছিল যদিও বিশ্ববিদ্যালয়ে অনলাইন ক্লাছৰ অনুমতি দিয়া নাছিল ৷ যেতিয়ালৈকে অনলাইন ক্লাছত অনুমতি প্ৰদান কৰিলে , তেতিয়ালৈকে বহুত পলম হৈ গৈছিল ৷

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰজনে আৰু কয়,’বুধবাৰে নিশাৰ পৰা এয়াৰ ষ্ট্ৰাইক আৰম্ভ হয় ৷ তাৰ পাছতে ছুপাৰ মাৰ্কেটসমূহ মানুহেৰে ভৰি পৰে ৷ আমিও বজাৰলৈ যাও যদিও আটা , চাউল একোয়েই কিনিবলৈ নাপালো ৷ মেগী আৰু ব্ৰেড খাই এতিয়া সময় কটাইছো ৷

- Donation -

ইউক্ৰেইনত আৱদ্ধ হৈ পৰা আন এজন ভাৰতীয় ছাত্ৰ জুবেৰ ছিদ্দিকীয়ে কয় ,’ এটা কোঠাত আমি ছজন ছাত্ৰ আছো ৷ পানীৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে ৷ টেংকীৰ পানীত খাৰ বাৰুদ মিহলি হৈ পৰাৰ ফলত খোৱাৰ অনুপযোগী হৈ পৰিছে ৷ আমাৰ ওচৰত এতিয়া কেৱল ৬ লিটাৰ পানী আছে ৷ এ টি এমসমূহতো পইচা নাই ৷ কি হ’বলৈ গৈ আছে , আমি একো ধৰিব পৰা নাই ৷’

ইউক্ৰেইনৰ বিমানসেৱাও সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে ৷ যাৰ ফলত তাত আৱদ্ধ ভাৰতীয় ছাত্ৰ – ছাত্ৰীসকল অভাবনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে ৷

Leave A Reply

Your email address will not be published.