ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ প্ৰস্তুতি কেন্দ্রীয় চৰকাৰৰ

Share This Article

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ প্ৰস্তুতি চলাইছে কেন্দ্রীয় চৰকাৰে। এয়াৰ ইণ্ডিয়া বিমানেৰে ওভতাই আনিব ভাৰতীয়সকলক। প্ৰথমে ইউক্রেনত অধ্যয়ন কৰি থকা ছাত্র-ছাত্ৰীসকলক ওভতাই অনাৰ পৰিকল্পনা কৰিছে চৰকাৰে। যাত্ৰাৰ সকলো খৰচ বহন কৰিব ভাৰত চৰকাৰে। ৰোমানিয়া আৰু হাংগেৰী সীমান্তলৈ নিজেই গাড়ীৰে আহিব লাগিব ইউক্রেনত থকা ভাৰতীয়সকল। লগতে তেওঁলোক অহা গাড়ীত ডাঙৰকৈ ভাৰতৰ পতাকা আঁৰি ৰাখিবলৈ আহ্বান চৰকাৰৰ। ভাৰতীয়সকলক পাছপ’ৰ্ট আৰু আমেৰিকান ডলাৰ আৰু ক’ভিড নিগেটিভ চাৰ্টিফিকেটো লগত ৰাখিবলৈ আহ্বান।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.