ইউক্ৰেইনক লৈ আকৌ কি হুংকাৰ দিলে ৰাছিয়াই ?

Share This Article

ৰুছ সেনাই ইউক্ৰেইনৰ ৰাজধানীত ইতিমধ্যে প্ৰৱেশ কৰিছে ৷ দুয়োপক্ষৰ মাজত অব্যাহত আছে প্ৰচণ্ড গোলাবৰ্ষন ৷ তাৰ মাজতে আকৌ এবাৰ হুংকাৰ দিছে ৰাছিয়াই ৷ৰাছিয়াৰ বিদেশ মন্ত্ৰী লাভৰোভে কয় যে ইউক্ৰেইনত এনে এক পৰিস্থিতিৰ উদ্ভৱ হ’ল যে ৰাছিয়া মৌন হৈ থাকিব নোৱাৰে ৷ ইউক্ৰেইনৰ চৰকাৰক গণতান্ত্ৰিক চৰকাৰ হিচাপে মানি লোৱাৰ এতিয়া আৰু কোনো কাৰণ নাই ৷ ৰাছিয়াই ইউক্ৰেইনক দমনৰ পৰা মুক্ত কৰিব বিচাৰিছে ৷ যাতে তেওলোকে নিজৰ ভৱিষ্যত নিজেই নিৰ্ধাৰণ কৰিব পাৰে ৷

ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ডোনেৎস্ক আৰু লুহানষ্ক চহৰ দখল কৰা বিচ্ছিন্নতাবাদী নেতাসকলৰেও বাৰ্তালাপ কৰা দেখা গৈছে বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা ভিডিওত ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.