সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনক লৈ আকৌ কি হুংকাৰ দিলে ৰাছিয়াই ?

ৰুছ সেনাই ইউক্ৰেইনৰ ৰাজধানীত ইতিমধ্যে প্ৰৱেশ কৰিছে ৷ দুয়োপক্ষৰ মাজত অব্যাহত আছে প্ৰচণ্ড গোলাবৰ্ষন ৷ তাৰ মাজতে আকৌ এবাৰ হুংকাৰ দিছে ৰাছিয়াই ৷ৰাছিয়াৰ বিদেশ মন্ত্ৰী লাভৰোভে কয় যে ইউক্ৰেইনত এনে এক পৰিস্থিতিৰ উদ্ভৱ হ’ল যে ৰাছিয়া মৌন হৈ থাকিব নোৱাৰে ৷ ইউক্ৰেইনৰ চৰকাৰক গণতান্ত্ৰিক চৰকাৰ হিচাপে মানি লোৱাৰ এতিয়া আৰু কোনো কাৰণ নাই ৷ ৰাছিয়াই ইউক্ৰেইনক দমনৰ পৰা মুক্ত কৰিব বিচাৰিছে ৷ যাতে তেওলোকে নিজৰ ভৱিষ্যত নিজেই নিৰ্ধাৰণ কৰিব পাৰে ৷

ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ডোনেৎস্ক আৰু লুহানষ্ক চহৰ দখল কৰা বিচ্ছিন্নতাবাদী নেতাসকলৰেও বাৰ্তালাপ কৰা দেখা গৈছে বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা ভিডিওত ৷

- Donation -

Leave A Reply

Your email address will not be published.