ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ : খাবলৈ চাউল নাই , পানী নাই

Share This Article

‘ইউক্ৰেইনত আকাশী মাৰ্গৰ পৰা আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে ৷ বজাৰৰ পৰা সকলো লোকেই দাইল , আটা , চাউল কিনি লৈ গৈছে ৷ খাদ্য সামগ্ৰী কিনিবলৈ নোপোৱা হৈছে ৷ আমাৰ ওচৰত কেৱল মেগী , অলপ ফল মূল আৰু কিছু পৰিমানৰ ব্ৰেড আছে ৷ এইখিনিৰে দুই বা তিনিদিন চলাটোহে সম্ভৱ হ’ব ৷ তাৰ পাছত আমি কি কৰিম?’
এইদৰে অসহায়ভাৱে নিজৰ অৱস্থাৰ কথা বৰ্ণনা কৰিছে ইউক্ৰেইনত মেডিকেল অধ্যয়ন কৰিবলৈ যোৱা উত্তৰ প্ৰদেশৰ ছাত্ৰ ছনা উৰহমানে ৷ তেও ফ্ৰেংকৱিষ্ক ইন্টাৰনেশ্যনেল মেডিকেল ইউনিভাৰ্ছিটীৰ এম বি বি এছ প্ৰথম বৰ্ষৰ ছাত্ৰ ৷ বি বি চিক দিয়া এক সাক্ষাৎকাৰত তেও কয় যে ভাৰতীয় দূতাবাসে ইউক্ৰেইন এৰিবলৈ পৰামৰ্শ দিছিল যদিও বিশ্ববিদ্যালয়ে অনলাইন ক্লাছৰ অনুমতি দিয়া নাছিল ৷ যেতিয়ালৈকে অনলাইন ক্লাছত অনুমতি প্ৰদান কৰিলে , তেতিয়ালৈকে বহুত পলম হৈ গৈছিল ৷

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰজনে আৰু কয়,’বুধবাৰে নিশাৰ পৰা এয়াৰ ষ্ট্ৰাইক আৰম্ভ হয় ৷ তাৰ পাছতে ছুপাৰ মাৰ্কেটসমূহ মানুহেৰে ভৰি পৰে ৷ আমিও বজাৰলৈ যাও যদিও আটা , চাউল একোয়েই কিনিবলৈ নাপালো ৷ মেগী আৰু ব্ৰেড খাই এতিয়া সময় কটাইছো ৷

ইউক্ৰেইনত আৱদ্ধ হৈ পৰা আন এজন ভাৰতীয় ছাত্ৰ জুবেৰ ছিদ্দিকীয়ে কয় ,’ এটা কোঠাত আমি ছজন ছাত্ৰ আছো ৷ পানীৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে ৷ টেংকীৰ পানীত খাৰ বাৰুদ মিহলি হৈ পৰাৰ ফলত খোৱাৰ অনুপযোগী হৈ পৰিছে ৷ আমাৰ ওচৰত এতিয়া কেৱল ৬ লিটাৰ পানী আছে ৷ এ টি এমসমূহতো পইচা নাই ৷ কি হ’বলৈ গৈ আছে , আমি একো ধৰিব পৰা নাই ৷’

ইউক্ৰেইনৰ বিমানসেৱাও সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে ৷ যাৰ ফলত তাত আৱদ্ধ ভাৰতীয় ছাত্ৰ – ছাত্ৰীসকল অভাবনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.