আমেৰিকাক আফগানিস্তানৰ পৰা সকলো সেনা প্ৰত্যাহাৰ কৰিবলৈ শেষ সময়সীমা নিৰ্ধাৰণ কৰি দিছে তালিবানে ৷৩১ আগষ্টৰ ভিতৰত আফগানিস্তান এৰিবলৈ সকীয়ণি দি তালিবানৰ মুখপাত্ৰ চুহেল শাহীনে কয় –‘জ’ বাইডেনে কৈছিল যে ৩১ আগষ্টৰ ভিতৰত আমেৰিকান সেনাই আফগানিস্তান এৰিব ৷ তাৰ পাছত আফগানিস্তানত আমেৰিকাৰ উপস্থিতি বলপূৰ্বক দখল হিচাপে গণ্য কৰা হ’ব ৷’
পূৰ্বৰ ঘোষণাৰ সালসলনিৰ পৰিণাম ভুগিব লাগিব বুলিও তালিবানৰ মুখপাত্ৰগৰাকীয়ে সকীয়াই দিয়ে ৷