আসন্ন ক’ভিডৰ তৃতীয় ঢৌ :  সংক্ৰমিত হ’ব পাৰে নেকি আপোনাৰ সন্তান ?

Share This Article

দেশত ক’ভিডৰ দ্বিতীয় ঢৌ এতিয়াও শেষ হোৱা নাই ৷ তাৰ মাজতে আসন্ন তৃতীয় ঢৌৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা। কোভিডৰ তৃতীয় ঢৌয়ে  শিশু সকলক সংক্ৰমিত কৰিব বুলি বিশেষজ্ঞ সকলে কৰা সাৱধানবাণী শুনি এতিয়া চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ তথা অভিভাৱক সকল। । ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগে গঠন কৰা এখন সমিতিৰ প্ৰতিবেদনত কোৱা হৈছে যে দেশত ইতিমধ্যে কোভিডৰ তৃতীয় ঢৌ আহি পৰিছে ৷ জুলাইৰ শেষৰ সপ্তাহৰ পৰা ‘আৰ ভেল্যু-১’ বৃদ্ধি পাইছে ৷ আৰ ভেল্যু মানে হ’ল এজন আক্ৰান্তৰ পৰা কিমানজন লোক সংক্ৰমিত হৈছে তাৰ পৰিসংখ্যা ৷ গতিকে আৰ ভেল্যু বৃদ্ধি পোৱাটোৱে তৃতীয় ঢৌৰ আশংকা অধিক বৃদ্ধি কৰিছে ৷এনে পৰিস্থিতিত দ্বিতীয় ঢৌৰ সময়ত কৰা ভুলৰ পৰা শিক্ষা লৈ তৃতীয় ঢৌৰ বাবে সাজু হ’বলৈ প্ৰতিবেদনখনত কোৱা হৈছে ৷

নেচনেল ইন্সটিটিউট অৱ ডিজেষ্টাৰ মেনেজমেন্টে গৃহ মন্ত্ৰালয়ক অৰ্পন কৰা  পৰামৰ্শমূলক প্ৰতিবেদনত কয় যে বৃহৎ সংখ্যক শিশু সংক্ৰমিত হ’লে প্ৰয়োজনীয় চিকিৎসক আৰু চিকিৎসা সঁজুলি যেনে ভেণ্টিলেটৰ আৰু এম্বুলেন্স ইত্যাদিবোৰ পৰ্য্যাপ্ত পৰিমাণে মজুত নাই। সেয়েহে অন্য ৰোগত আক্ৰান্ত শিশুৰ ক্ষেত্ৰত টিকাকৰণ তাৎক্ষণিক অগ্ৰাধিকাৰ হ’ব লাগিব বুলি কোৱা হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ ৬০ৰ পৰা ৭০ শতাংশ ক’ভিড-পজিটিভ শিশুৰ সহ-ৰোগ বা অন্য ৰোগ আছে।

বিগত সপ্তাহত ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰকে ১২ বছৰতকৈ অধিক বয়সৰ শিশুৰ বাবে জাইডাছ কেডিলাৰ তিনি পালিৰ RNA ভেকচিনে অনুমোদন লাভ কৰাৰ লগে লগে শিশুসকলৰ বাবে ভেকছিনৰ সমস্যাটো আংশিকভাৱে হ’লেও দূৰ হৈছে। অৱশ্যে টিকাকৰণ এতিয়াও আৰম্ভ হোৱা নাই। স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই উল্লেখ কৰিছে যে টিকাকৰণ অতি সোনকালে আৰম্ভ হব। শিশুয়ে যাতে পৰ্য্যাপ্ত স্বাস্থ্যসেৱা লাভ কৰে তাৰ বাবে চেষ্টা কৰি থকা হৈছে। ৰাজ্যসমূহে গুৰুত্বপূৰ্ণ চিকিৎসা সঁজুলি, ঔষধ আৰু অক্সিজেন মজুত ৰখাৰ বাবে চিকিৎসালয় নিৰ্মাণ আৰু টাস্ক ফ’ৰ্চ স্থাপন কৰা আৰম্ভ কৰিছে।

সম্ভাৱ্য তৃতীয় ঢৌ আৰু শিশুৰ ওপৰত ইয়াৰ প্ৰভাৱৰ আগজাননীয়ে বিদ্যালয় পুনৰ খোলাৰ প্ৰশ্নটো অধিক জটিল কৰি তুলিছে ! নেচনেল ইন্সটিটিউট অৱ ডিজেষ্টাৰ মেনেজমেন্টে প্ৰতিবেদনত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰস্তাৱিত এক মাইক্ৰ’-ডিষ্ট্ৰিক্ট ৰণনীতিৰ কথা উল্লেখ কৰিছে যাতে ভাইৰাছ সংক্ৰমণৰ নিম্নতম সম্ভাৱনাৰ সৈতে বিদ্যালয়বোৰ পুনৰ খুলিব পৰা যায়। প্ৰতিবেদনখনত শিশুৰ সুৰক্ষাৰ বাবে কেইবাটাও পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে। যাৰ ভিতৰত আছে কোভিড প্ৰট’কলৰ সৈতে চিনাকি কৰাই দিবলৈ সজাগতা অভিযান, গ্ৰাম্য অঞ্চল আৰু সুবিধা বঞ্চিত সম্প্ৰদায়ৰ শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে স্বচ্ছতা অভিযান ইত্যাদি।

এই প্ৰতিবেদনখনত ক’ভিডৰ তৃতীয় ঢৌৰ সন্মুখীন হ’ব পৰাকৈ সাধাৰণ প্ৰস্তুতিৰ বিষয়েও আলোচনা কৰা হৈছে। সাধাৰণ প্ৰস্তুতিৰ ক্ষেত্ৰত প্ৰতিবেদনত কোৱা হৈছে যে টিকাকৰণৰ গতি বৃদ্ধি কৰি ভৱিষ্যতৰ ঢৌবোৰক প্ৰত্যাহ্বান জনাব পৰা যাব। টিকাকৰণৰ বৰ্তমানৰ হাৰত ভাৰতে বছৰটোৰ শেষলৈ মুঠ জনসংখ্যাৰ মাত্ৰ ৩৪ শতাংশ লোককহে টিকাকৰণ সম্পূৰ্ণ কৰিব পাৰিব। প্ৰতিবেদনখনে ভেকছিনৰ দ্বিধা অৰ্থাৎ টিকাকৰণ কৰিবলৈ অনিচ্ছা আৰু উদাসীনতা অৰ্থাৎ মহামাৰী শেষ হ’ল বাবে  ভেকছিনৰ কোনো প্ৰয়োজন নাই বুলি বিশ্বাস কৰা ধাৰনা  দুটা  দূৰ কৰাৰ বাবে অভিযানৰ পোষকতা কৰিছে ৷

ইফালে , আই আই টি কানপুৰৰ এটা গাণিতিক আৰ্হিয়ে তৃতীয় ঢৌ সম্পৰ্কে তিনিটা পৰামৰ্শ প্ৰদান কৰিছে। তিনিওটা পৰামৰ্শই ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ মাজত তৃতীয় ঢৌৰ ভৱিষ্যতবাণী কৰিছে। ইয়াৰ বাবে প্ৰতিবেদনখনত জনসাধাৰণে ক’ভিড বিধি মানি চলা আৰু সচেতনভাৱে ক্ৰমান্বয়ে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখ্য যে যোৱা মাহত কেন্দ্ৰই ৰাজ্যসমূহক ক’ভিড বিধি উলংঘনৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰিছিল।

ভাৰতত এতিয়া  জাইডাছ কেডিলা আৰু জনছন এণ্ড জনছনৰ ভেকচিনে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন লাভ কৰাৰ লগে লগে সাতটা কোভিড ভেকচিন উপলব্ধ হৈ আছে। ভাৰতে এতিয়ালৈকে ৫৮ কোটিতকৈও অধিক ভেকছিনৰ পালি প্ৰদান কৰিছে। অৱশ্যে ইয়াৰে মাত্ৰ ১৩.১ কোটিহে দ্বিতীয় পালি। ক’ভিডৰ পৰা সুৰক্ষা নিশ্চিত কৰিবলৈ এই প্ৰক্ৰিয়া খৰটকীয়া কৰাতো যথেষ্ট জৰুৰী।

আশ্চৰ্যজনক কথাটো হ’ল কোভিডৰ তৃতীয় ঢৌক লৈ বিশেষজ্ঞই আশংকা ব্যক্ত কৰিলেও শাসকীয় দলটোৱে এতিয়া দেশজুৰি আশীৰ্বাদ যা্ত্ৰা চলাই আছে ৷ কুম্ভমেলাৰ বাবে অনুমতি দিয়াৰ ফলত কোভিডৰ দ্বিতীয় ঢৌয়ে কি বিপৰ্যয়ৰ সূচনা কৰিছিল ,সেয়া নিশ্চয় কোনেও পাহৰা নাই ৷ সেই ভুলৰ পৰা শিক্ষা নলৈ পুণৰ আশীৰ্বাদ যাত্ৰাৰ দৰে ৰাজনৈতিক কাৰ্যসূচীৰ আয়োজন কৰি শাসকীয় বিজেপি দলে কেৱল দায়িত্বহীনতাৰে পৰিচয় দিয়া নাই , সাম্ভাব্য তৃতীয় ঢৌক যেন অধিক খৰতকীয়াহে কৰি তুলিছে ৷সেইবাবেই জনতাই প্ৰশ্ন কৰিছে –এই আশীৰ্বাদ যাত্ৰা জনতাৰ বাবে অভিশাপ যাত্ৰাত পৰিণত হ’ব নেকি ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.