দেশৰ ভৱিষ্যতৰ সম্পদঃ  আই আই টি গুৱাহাটীৰ ধৰ্ষণত অভিযুক্ত ছাত্ৰক জামিন

Share This Article

চলিত বৰ্ষৰ ২৮ মাৰ্চৰ নিশা গুৱাহাটী আই আই টিত সংঘটিত হৈছিল এক জঘণ্য ধৰ্ষণৰ ঘটনা। এগৰাকী ছাত্ৰীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগত ৩ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল BTechৰ এজন  ছাত্ৰক। অভিযুক্ত ছাত্ৰজনক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে ৷

অভিযুক্ত ছাত্ৰজনৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱহাটী উচ্চ ন্যায়ালয়ে কয় যে সকলো প্ৰমাণৰ ওপৰত ভিত্তি কৰি এয়া স্পষ্টভাৱে উল্লেখ কৰিব পাৰি যে আবেদনকাৰীৰ বিৰুদ্ধে এটা প্ৰাথমিক গোচৰ আছে। অৱশ্যে গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যেই সম্পূৰ্ণ হৈছে আৰু ভুক্তভোগী মহিলা তথা অভিযুক্ত দুয়োগৰাকীয়েই হৈছে ৷ আই আই টি গুৱাহাটীৰ কাৰিকৰী পাঠ্যক্ৰমত অধ্যয়নৰত দুগৰাকী প্ৰতিভাশালী শিক্ষাৰ্থী আৰু দেশৰ ভৱিষ্যতৰ সম্পদ। জামিনৰ ৰায়ত দোষীৰ বাবে উপযুক্ত জৰিমনাৰ ব্যৱস্থা কৰিলে অভিযুক্তক আটক ৰখাৰ প্ৰয়োজনীয়তা নাথাকিবও পাৰে বুলি উল্লেখ কৰা হৈছে।

অভিযুক্ত ছাত্ৰ ৩০০০০ টকাৰ বণ্ডৰ বিনিময়ত জামিন প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।  আৰক্ষীয়ে ইতিমধ্যেই আদালতত দাখিল কৰিছে চাৰ্জশ্বিট।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.