সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানৰ দখলৰ পৰা কোনে মুক্ত কৰিলে ৩ জিলা ?

তালিবানে বন্দুকৰ বলত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আকৌ ঐক্যবদ্ধ হ’বলৈ লৈছে তালিবান বিৰোধী গোটসমূহ ৷ এই গোটসমূহে তালিবানৰ দখলৰ পৰা নিজৰ নিজৰ অঞ্চলসমূহ পুণৰুদ্ধাৰৰ বাবে যুদ্ধ আৰম্ভ কৰিছে ৷

শুকুৰবাৰে বাগলান প্ৰদেশৰ বানু, পুল-ই-হিচাৰ, আৰু দে-ছালাহ জিলা তিনিখন বিৰোধী জোটে তালিবানৰ দখলৰ পৰা মুক্ত কৰে ৷ তীব্ৰ সংঘৰ্ষত ১৫ জন তালিবান যোদ্ধা নিহত হৈছে বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে ৷

- Donation -

পঞ্জশিৰ প্ৰদেশতো তালিবানৰ বিৰুদ্ধে আৰম্ভ হৈছে অনুৰূপ যুদ্ধ ৷

তালিবান বিৰোধী লোকসকল প্ৰাক্তণ ভাইচ প্ৰেচিডেন্ট আমৰুল্লা ছালেহৰ অনুগত বাহিনী ৷তেওৰ সৈতে ঐক্যবদ্ধ হৈছে পঞ্জশিৰ প্ৰদেশৰ প্ৰভাৱশালী তাজিক নেতা আহমেদ মাছুদ ৷

 

Leave A Reply

Your email address will not be published.