তালিবানৰ দখলৰ পৰা কোনে মুক্ত কৰিলে ৩ জিলা ?

Share This Article

তালিবানে বন্দুকৰ বলত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আকৌ ঐক্যবদ্ধ হ’বলৈ লৈছে তালিবান বিৰোধী গোটসমূহ ৷ এই গোটসমূহে তালিবানৰ দখলৰ পৰা নিজৰ নিজৰ অঞ্চলসমূহ পুণৰুদ্ধাৰৰ বাবে যুদ্ধ আৰম্ভ কৰিছে ৷

শুকুৰবাৰে বাগলান প্ৰদেশৰ বানু, পুল-ই-হিচাৰ, আৰু দে-ছালাহ জিলা তিনিখন বিৰোধী জোটে তালিবানৰ দখলৰ পৰা মুক্ত কৰে ৷ তীব্ৰ সংঘৰ্ষত ১৫ জন তালিবান যোদ্ধা নিহত হৈছে বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে ৷

পঞ্জশিৰ প্ৰদেশতো তালিবানৰ বিৰুদ্ধে আৰম্ভ হৈছে অনুৰূপ যুদ্ধ ৷

তালিবান বিৰোধী লোকসকল প্ৰাক্তণ ভাইচ প্ৰেচিডেন্ট আমৰুল্লা ছালেহৰ অনুগত বাহিনী ৷তেওৰ সৈতে ঐক্যবদ্ধ হৈছে পঞ্জশিৰ প্ৰদেশৰ প্ৰভাৱশালী তাজিক নেতা আহমেদ মাছুদ ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.