সুখবৰ! ১২ বছৰৰ উৰ্ধৰ শিশুয়ে লাভ কৰিব ক’ভিড ভেকচিন

Share This Article

দেশত ক’ভিডে ধ্বংসলীলা চলাই থকাৰ মাজতে ১২ বছৰৰ উৰ্ধৰ শিশু সকলৰ বাবে আহিছে এটা সুখবৰ। গুজৰাটস্থিত জাইডাছ কেডিলাৰ ZyCoV-D নামৰ ভেকচিনটোয়ে শুক্ৰবাৰে ১২ বছৰৰ উৰ্ধৰ শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে জৰুৰীকালীন অনুমোদন লাভ কৰিছে। অৰ্থাৎ ভাৰতত ১২ৰ পৰা ১৮ বছৰ বয়সৰ শিশু-কৈশোৰক প্ৰদান কৰা প্ৰথম ভেকছিন হিচাপে পৰিগণিত হ’ব পাৰে ZyCoV-D। ইয়াৰ লগতে বিশ্বত প্লাজমিড ডিএনএ প্লেটফৰ্মত বিকশিত প্ৰথম বানিজ্যিক ক’ভিড ভেকছিন হ’ব ZyCoV-D। উল্লেখ্য যে জাইডাছ কেডিলাই এই ভেকচিনটো জৈৱ প্ৰযুক্তি বিভাগৰ সৈতে যুটীয়াভাৱে তৈয়াৰ কৰি উলিয়াইছে। এই ভেকচিনে তৃতীয় পৰ্যায়ৰ পৰীক্ষণত ৬৬.৬৬ শতাংশ প্ৰাথমিক কাৰ্যকাৰীতা প্ৰদৰ্শন কৰিছিল। তদুপৰি ইয়াৰ লগে লগে ১২ বছৰৰ উৰ্ধৰ শিশু-কৈশোৰৰ শৰীৰত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা দেশৰ প্ৰথম ক’ভিড ভেকচিন হৈ পৰিল ZyCoV-D। Indian drug regulator-এ শুক্ৰবাৰে এক টুইটযোগে সদৰী কৰে যে ZyCoV-Dৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ মূল্যাঙ্কন কৰাৰ পিছত বিশেষজ্ঞ সমিতিৰ সৈতে আলোচনা কৰি ইয়াক ভাৰতত জৰুৰীকালীন পৰিস্থিতিত ১২ বছৰৰ উৰ্ধৰ শিশুৰ ক্ষেত্ৰত সীমিত ব্যৱহাৰৰ অনুমোদন জনোৱা হৈছে। উল্লেখ্য যে এই ভেকচিনটো তিনিটা পালিৰ হব আৰু প্ৰথম পালি লোৱাৰ পিছত ২৮ আৰু ৫৬ দিনত দ্বিতীয় আৰু তৃতীয় পালি গ্ৰহণ কৰিব লাগিব। অৱশ্যে শিশু-কৈশোৰৰ ক্ষেত্ৰত ভেকচিনটো ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হৈছে যদিও এই বয়সৰ লোকসকলৰ বাবে টিকাকৰণ অভিযান কেতিয়া আৰম্ভ হব সেই বিষয়ে সিদ্ধান্ত ল’ব কেন্দ্ৰীয় চৰকাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.