বিৰোধী জোট : কংগ্ৰেছে নাপাব নেকি বিগব্ৰাডাৰৰ আসন ?

Share This Article

কংগ্ৰেছ দলৰ একক নেতৃত্ব আন বিৰোধী দলসমুহে মানি নলয় ৷ অন্যান্য দলসমূহৰ দৰেই কংগ্ৰেছেও বিৰোধী ঐক্যজোটত অংশ গ্ৰহণ কৰিব লাগিব ৷ শুকুৰবাৰে ছোনিয়া গান্ধীয়ে আহ্বান জনোৱা ১৯ বিৰোধী দলৰ বৈঠকৰ পাছত বহু নেতাৰ মুখত এনে সুৰেই শুনা গ’ল ৷ বৈঠকত অংশগ্ৰহণ কৰা বহুকেইগৰাকী নেতাই এইটোৱে বিচাৰিলে যে বিৰোধী জোটৰ প্ৰক্ৰিয়াত কোনো দল বা কোনো ব্যক্তিবিশেষৰ প্ৰাধান্য থকা উচিত নহয় ৷ সকলোৰে সন্মিলিত নেতৃত্বত এই জোট তৈয়াৰ হোৱা উচিত ৷

সংসদৰ শেহতীয়া অধিৱেশনত বিৰোধীয়ে ৰূপায়ণ কৰা কাৰ্যসূচীসমূহত কংগ্ৰেছ বা ৰাহুল গান্ধীৰ নেতৃত্ব প্ৰায় স্পষ্ট হৈ উঠিছিল ৷ কিন্তু ৰাহুল গান্ধীৰ নেতৃত্বত দিল্লীত ৰূপায়ণ হোৱা একাধিক কাৰ্যসূচীত উপস্থিত নাছিল তৃণমূল কংগ্ৰেছ ৷এই লৈ দেশৰ ৰাজনীতিত ব্যাপক চৰ্চাও আৰম্ভ হৈছিল ৷

শুকুৰবাৰে ছোনিয়া গান্ধীৰ আহ্বানত অনুষ্ঠিত বিৰোধীৰ বৈঠকত মমতা বেনাৰ্জীয়ে প্ৰস্তাৱ দিলে- বিৰোধী জোটৰ কাৰ্যপন্থা ঠিক কৰিবলৈ এখন কোৰ কমিটী গঠন কৰা হওক ৷ তেতিয়া কোন বিষয়ত বিৰোধীয়ে সন্মিলিতভাৱে কি কি পদক্ষেপ ল’ব পাৰে , সেই বিষয়ত কোৰ কমিটীয়ে নিৰ্দেশনা দিব পাৰিব ৷ মমতাৰ এই প্ৰস্তাৱত সহাৰি জনায় ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনসহ অন্যান্য বিৰোধী নেতাসকলেও ৷

মমতা বেনাৰ্জীয়ে কয়-‘পাহৰি যাওক কোন নেতা ৷ আমাৰ কোনো নেতা নাই ৷ ব্যক্তিগত হিচাপ আঁতৰাই ৰাখক ৷ আচল লক্ষ্য হ’ল বিজেপিৰ বিৰুদ্ধে জনগনৰ স্বাৰ্থৰক্ষাৰ যুদ্ধ ৷ তাতে সকলোৱে একেলগে খোজ দিব লাগিব ৷ ইগো ধৰি থাকিলে নচলিব ৷’

শুকুৰবাৰৰ ভাৰ্ছুয়েল বৈঠক অনুষ্ঠিত হৈছিল বিয়লি ৪ বজাৰ পৰা ৷ ছোনিয়া গান্ধীয়ে প্ৰথম বক্তৃতা দিয়াৰ পাছত ক্ৰমে শাৰদ পাৱাৰ আৰু মমতা বেনাৰ্জীয়ে নিজৰ মন্তব্য দাঙি ধৰে ৷ বিজেপি বিৰোধী যুদ্ধত কোনো বিৰোধী দলকে বাহিৰত ৰখা উচিত নহয় বুলি তেওলোকে মতামত প্ৰকাশ কৰে ৷ লগতে কোৰ কমিটী গঠন কৰি মাহেকত কমেও এবাৰ বৈঠক অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে ৷

এই বৈঠকৰ পৰা এটা কথা স্পষ্ট হৈছে যে বিৰোধী জোট তৈয়াৰ হ’লেও কংগ্ৰেছে এইবাৰ বিগব্ৰাডাৰৰ আসন লাভ নকৰিব ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.