সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

নিৰ্বাচনলৈ ১০০ দিন!

✍🏻জিতুমণি বৰা এডাল ইকৰা আৰু এমুঠি ইকৰাৰ মাজত শক্তিৰ আকাশ-পাতাল পাৰ্থক্য৷ ইকৰাৰ কাহিনীটো আজি নতুন ধৰণে গৌৰৱ গগৈক ক’ব খুজিছোঁ৷ গৌৰৱ গগৈ মানে সাংসদ, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, সৰ্বোপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি৷ এই আটাইবোৰ দায়িত্ব থকাৰ পাছতো…

শ্যামকানুৰ নৰ্থ ইষ্ট ফেষ্টিভেলঃ এপ্ৰিলৰ পৰাই যোগাযোগত ছিংগাপুৰ উচ্চায়ুক্ত-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

অৰূপ কলিতা আৰু গৌতম প্ৰতিম গগৈৰ প্ৰতিবেদনঃ ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰৰ ভাৰতৰ উচ্চায়ুক্ত৷ যি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে ৰাজ্যসভাৰ…

মুক্ত চিন্তাৰ , মানবপ্ৰেমী জুবিন ।

অসমৰ সৰ্বস্তৰৰ ,সৰ্ববয়সৰ মানুহকেই প্ৰভাবিত কৰিব পৰা এই সময়ৰ লোকজনেই আছিল জুবিন গাৰ্গ । আবাল বৃদ্ধ বনিতাৰ আবেগৰ অংশ আছিল সুৰীয়া কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ । অলপতে অৰ্ধ শতিকা অতিক্ৰম কৰিলেও সত্তৰ -আশি বছৰীয়া জনৰ বাবে যেনেকৈ "আমাৰ জুবিন"…

৯ মাহত বৃদ্ধি ৩৮ কোটি টকা; কেনেকৈ বাঢ়িল Bhagadatta Flyover ৰ নিৰ্মাণব্যয়?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগত এতিয়া ঠিকাদাৰৰ কথাই শেষ সিদ্ধান্ত৷ এই কথা পুনৰ এবাৰ উন্মোচিত হৈছে গুৱাহাটীৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতু (Bhagadatta Flyover)ৰ ক্ষেত্ৰত। ‘কীকী’ৰ দৰে ঠিকাদাৰক ৰঙা দলিচা পাৰি আদৰণি…

Toll Tax at Toll Gates: অসমৰ ৯ খন টোলগেটৰ পৰা সংগ্ৰহ ১,৯৯৭ কোটি

এফালে পথৰ দুৰৱস্থা , আনফালে Toll Gates ত জনতাক টোল কৰেৰে মাধমাৰ। তেনেকৈয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক। অস্বাভাৱিক হাৰত অসমত বৃদ্ধি হৈছে টোল কৰ সংগ্ৰহ। মুঠতে কেৱল কৰ আৰু কৰৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে সাধাৰণ জনতা ৷ জি এছ টিৰ পৰা পেট্ৰ’লজাত…

পুৱতি নিশা ম্যানমাৰৰ আলফা(স্বাধীন)ৰ শিবিৰত ভয়ংকৰ আক্ৰমণ; নিহত তিনি জ্যেষ্ঠ নেতা

ম্যানমাৰৰ ঘন জংঘলত নিৰাপদ স্থান বুলি ভবা আলফা (স্বাধীন)ৰ শিবিৰত চলিল ভয়ংকৰ আক্ৰমণ। দেওবাৰৰ পুৱতি নিশা ড্ৰোন আক্ৰমণত তচনচ হৈ পৰিল বিদ্ৰোহী সংগঠনটোৰ চাৰিটাকৈ শিবিৰ। ডেৰশৰো অধিক ড্ৰোন আক্ৰমণত ৭৭৯ আৰাকান কেম্প,ৱাকাথান কেম্প,হয়াত কেম্প আৰু…

অৰ্চিতা ফুকনেই কেৱল নহয়, বলি হৈছে সাংবাদিক ৰবীশ কুমাৰো

ৰাজ্যজুৰি সামাজিক মাধ্যমত এতিয়া অৰ্চিতা ফুকন নামৰ এগৰাকী বিবাহিতা মহিলাৰ এখন বিশেষ ফটোৱে হৈ চৈ লগোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ প্ৰাণ প্ৰতিম বৰা নামৰ এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই উৰহীৰ ওৰ ওলাই পৰিছে। বিফল প্ৰেমৰ প্ৰতিশোধ লবলৈয়ে এইগৰাকী…