অৰ্চিতা ফুকনেই কেৱল নহয়, বলি হৈছে সাংবাদিক ৰবীশ কুমাৰো

Share This Article

ৰাজ্যজুৰি সামাজিক মাধ্যমত এতিয়া অৰ্চিতা ফুকন নামৰ এগৰাকী বিবাহিতা মহিলাৰ এখন বিশেষ ফটোৱে হৈ চৈ লগোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ প্ৰাণ প্ৰতিম বৰা নামৰ এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই উৰহীৰ ওৰ ওলাই পৰিছে। বিফল প্ৰেমৰ প্ৰতিশোধ লবলৈয়ে এইগৰাকী প্ৰাণ প্ৰতিমে সহায় লৈছিল কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ। কিন্তু অৰ্চিতা ফুকনৰ দৰে এনে অলেখ ব্যক্তি এতিয়া বলি হৈছে আৰ্টিফিচিয়েল ইণ্টিলীজেন্স প্ৰযুক্তিৰ। এনে প্ৰযুক্তিৰ অপব্যৱহাৰৰ চিকাৰ হৈ মূহূৰ্ততে বহু পৰিচিত-অপৰিচিত লোক বিপদত পৰিছে। এনে প্ৰয়ুক্তিৰ চিকাৰৰ পৰা হাত হাৰি যোৱা নাই দেশৰ জ্যেষ্ঠ সাংবাদিক ৰবীশ কুমাৰো। মন কৰিবলগীয়া যে সাংবাদিক ৰবীশ কুমাৰ দেশৰ ভিতৰত কিমান জনপ্ৰিয়, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ১ কোটি ৩৫ লাখ ছাবস্ক্ৰাইবাৰ থকা ৰবীশ কুমাৰৰ ইউটিউব চেনেলত চৰকাৰৰ জনহিতৈষী নীতি, চৰকাৰৰ ভুল-ত্ৰটিসমূহৰ সমালোচনাত্মক বিশ্লেষণৰ লগতে সামাজিক-ৰাজনৈতিক দিশত বিভিন্ন গুৰুত্বপূৰ্ণ আৰু তথ্যসমৃদ্ধ বাতৰি পৰিৱেশিত হৈ আহিছে। কিন্তু একাংশ চক্ৰান্তকাৰীয়ে এতিয়া জনমানসত থকা ৰবীশ কুমাৰৰ বিশ্বাসযোগ্যতাৰ সুবিধা লৈ নিজাকৈ ইউটিউৱ চেনেল খুলি ভুৱা প্ৰচাৰ কৰাত নামি পৰিছে। আৰু এই কাম নিখুঁতভাৱে প্ৰস্তুতি কৰি জনতাক মূৰ্খ সজাবলৈ সহায় লৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ। যাৰবাবে সঁচা কি, মিছা কি-সকলোবেোৰ একাকাৰ হৈ পৰিছে। এই সন্দৰ্ভত ইতিমধ্যে স্পষ্টীকৰণ দি ৰবীশ কুমাৰে ৮ জুলাইত এক্স হেণ্ডেলত AIৰ দ্বাৰা ৰবীশ কুমাৰৰ নামেৰে থকা চেনেলসমূহক লৈ সাৱধান হোৱাৰ আহ্বান জনাইছে। সেই তালিকাত আছে AI ব্যৱহাৰ কৰি দুষ্ট চক্ৰই পৰিচালনা কৰা ভুৱা চেনেলৰ তালিকা যেনে- ৰবীশ কুমাৰ AI, ডিএলএছ ন্যুজ ইণ্ডিয়া, N2R নিউজ, দ্য ভাৰত ডক্ট্ৰেইন, ৰবীশ ন্যুজ জইন, বিআৰ এনালিছিছ্, ৰবীশ কুমাৰ আৱাজ ইত্যাদি।

উল্লেখ্য যে আৰ্টিফিছিয়েল ইণ্টেলিজেন্সৰ অপব্যৱহাৰৰ দ্বাৰা ৰবীশ কুমাৰৰ হুবহু চেহেৰা আৰু কণ্ঠ ব্যৱহাৰ কৰি প্ৰতিবেদনসমূহ যুগুত কৰা হৈছে এইকেইটা চেনেলত। নতুন প্ৰযুক্তিৰ দ্বাৰা এনেকৈ নিৰ্মাণ কৰা হৈছে যে সাধাৰণ জনতাৰ বাবে সেই বাতৰি সমূহ প্ৰকৃততে ৰবীশ কুমাৰে নিজে কোৱা হয় নে নহয়, সেয়া ধৰিব পৰাটো একেবাৰেই সহজসাধ্য নহয়। এনে বাতৰিৰ দ্বাৰা কোনো চক্ৰই ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ লাভালভাৰ বাবেও কৰাৰ সন্দেহ ব্যক্ত কৰিছে বহুতেই। কিন্তু উদ্বেগজনক কথা যে এয়া কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ আৰম্ভণি পৰ্যায়ৰহে। আগন্তুক দিনত যদি এইদৰে ক্ৰমাত্ এআইৰ অপপ্ৰয়োগ বাঢ়ি যায়, তেন্তে প্ৰশ্ন হয়-এইক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাক নাকী লগাব কোনে? কোনো ব্যক্তিৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ অন্যতম আহিলাহে হৈ পৰিছে নেকি এআই? সহজলভ্য ধন উপাৰ্জন অথবা সাময়িক মানসিক তৃপ্তি লাভৰ মোহত বন্দী একাংশৰ বাবেই এনে উন্নত প্ৰযুক্তিবিদ্যাৰ বহু যোগাত্মক দিশ থকাৰ পাছতো অতি ভয়াৱহহে হৈ পৰিব নেকি আৰ্টিফিছিয়েল ইণ্টেলিজেন্স প্ৰযুক্তি?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.