“অসম চৰকাৰে ৰাজ্যখনত অৰ্থনৈতিক উন্নয়ন সাধন কৰাত ব্যৰ্থ হোৱাৰ লগতে কৰ্ম সংস্থাপন সৃষ্টি কৰিব নোৱাৰাৰ বাবেই এইসকল যুৱক যুৱতী এনেদৰে বহিৰাজ্যলৈ যাব লগা হৈছিল ৷ তেওঁলোকে পঠিওৱা পইচাৰে অসমৰ বহু পৰিয়ালৰ চৌকাৰ জুই জ্বলিছিল, সেই পইচাই আমাৰ অৰ্থনীতি সমৃদ্ধ হৈছিল ৷”
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ যোৱাৰ অভিজ্ঞতা আছে ৷ চেন্নাই, কেৰেলা , বাংগালোৰ, গোৱা, নতুন দিল্লী, মুম্বাই, আহমেদাবাদ, জয়পুৰ, পডুচেৰী সকলোতে লগ পাইছিলো অসমীয়া যুৱক যুৱতী ৷ হোটেল ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি শ্বপিং মললৈকে আৰু সৰু সৰু উদ্যোগৰ পৰা আৰম্ভ কৰি বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্যোগ আদি সকলোতে ৷ তেওঁলোকৰ চিনাকি ছেলছমেন, চিকিউৰিটি গাৰ্ড, ড্ৰাইভাৰ, কেজুৱেল শ্ৰমিক আদি ৷ এওঁলোকৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত মালিক পক্ষই যাপন কৰিছিল বিলাসী জীৱন ৷একোটা সৰু সৰু জুপুৰি সদৃশ ঘৰত থাকিবলৈ দিছিল দহ/পোন্ধৰ গৰাকী লোকক ৷ তেওঁলোকৰ প্ৰথম চিনাকি প্ৰব্ৰজিত শ্ৰমিক আৰু দ্বিতীয় চিনাকি আছিল অসমীয়া ৷ নিয়মানুৱৰ্তিতা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ লগতে সতকাই কাম খতি নকৰাৰ কাৰণে পুঁজিপতি পক্ষৰ প্ৰথম পছন্দ অসমীয়া প্ৰব্ৰজিত শ্ৰমিক ৷ অসমীয়া যুৱক যুৱতীৰো ক্ৰমাৎ অগ্ৰাধিকাৰ ক্ষেত্ৰ হ’ল দক্ষিণ ভাৰত ৷ দহ/বাৰ হেজাৰ টকা উপাৰ্জনৰ সহজ গন্তব্য স্থান ৷ বৃহৎ গোষ্ঠীৰ যেতিয়ালৈকে প্ৰয়োজন আছিল এওঁলোকৰ শ্ৰম আদায় কৰি ল’লে সামান্য পাৰিশ্ৰমিক দি ৷ কিন্তু এতিয়া?
ক’ৰোনাৰ আগমনৰ লগে লগে এইসকল অসমীয়া যুৱক যুৱতী এলাগী হোৱাই নহয় সামান্য মানৱীয়তাকনো প্ৰদৰ্শন নকৰি ক’ৰোনাৰ মাজত এৰি দিলে ৷ দীৰ্ঘদিন এসাজ ভালদৰে খাবলৈ নাপায় ভোকে লঘোণে থাকি কোনোবা বাছত কোনোবা ৰে’লত আৰু কোনোবা খোজকাঢ়ি আহি অসম পালেহি ৷ আৰু এতিয়া এইসকলৰ মাজৰ পৰা অলেখজন ক’ৰোনাত আক্ৰান্ত হ’ল ৷ ইয়াৰ বাবে ১০০ শতাংশই দায়ী নিয়োগকৰ্তা পুঁজিপতি গোষ্ঠী ৷ বিপদৰ সময়ত এনেদৰে কৰ্মস্থলীৰ পৰা বিতাড়ন কৰাসকলক জবাবদিহি কৰিবলৈ কিন্তু আমাৰ সংবিধানত বা আমাৰ ন্যায় ব্যৱস্থাত কোনো সুবিধা নাই ৷
অসম চৰকাৰে ৰাজ্যখনত অৰ্থনৈতিক উন্নয়ন সাধন কৰাত ব্যৰ্থ হোৱাৰ লগতে কৰ্ম সংস্থাপন সৃষ্টি কৰিব নোৱাৰাৰ বাবেই এইসকল যুৱক যুৱতী এনেদৰে বহিৰাজ্যলৈ যাব লগা হৈছিল ৷ তেওঁলোকে পঠিওৱা পইচাৰে অসমৰ বহু পৰিয়ালৰ চৌকাৰ জুই জ্বলিছিল, সেই পইচাই আমাৰ অৰ্থনীতি সমৃদ্ধ হৈছিল ৷ এতিয়া পৰিস্থিতিত পৰি মাতৃভূমিলৈ ঘূৰি অহা যুৱক যুৱতী সকলক একাংশ স্বাৰ্থপৰ লোকে সমালোচনা কৰা দেখা গৈছে যদিও সেইটো উচিত নহয় ৷ কুৰি শতিকাৰ ষাঠিৰ দশকত মাত্ৰ তিনিটা বছৰৰ ভিতৰত পঞ্জাৱ আৰু হাৰিয়ানাত চৰকাৰৰ পৃষ্ঠপোষকতাতো হোৱা সেউজ বিপ্লৱৰ কথা আমি সকলোৱে জানো ৷ অসম চৰকাৰে এইসকল বহিৰাজ্যৰ পৰা ঘূৰি অহা শ্ৰমিককলৈ অসমত এক সেউজ বিপ্লৱ গঢ়ি তুলিব পাৰে ৷ কেন্দ্ৰীয় চৰকাৰে কোৱা আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আগভাগ ল’লে আৰু কৃষকক কৃষি কাৰ্যৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিলেহে অসমৰ উন্নতি সম্ভৱ হ’ব ৷ তদুপৰি কোৱাৰেন্টীন কেন্দ্ৰবিলাকত তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ উপৰিও সকলো শ্ৰেণী লোক আগবাঢ়ি আহিব লাগিব ৷ বহিঃৰাজ্যৰ পৰা উভতি অহা এইসকল লোকৰ প্ৰতি আমি সকলোৱে দায়বদ্ধতাৰে দৃষ্টি দিয়া উচিত ৷ একাংশ ব্যক্তিকেন্দ্ৰীক স্বাৰ্থপৰ লোকে এই সংকটৰ সময়ত আমাৰ ভাই-ভনীহঁতক সমালোচনা কৰাৰ মানসিকতা ত্যাগ কৰা দৰকাৰ ৷ কাৰণ বহিঃৰাজ্যৰ পৰা উভতি অহা সকল আমাৰ আপদ নহয়, সম্পদহে ৷
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.