সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত ৫ কৌটি লোকৰ পৰা বিয়পিব ক’ৰোনা : আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ তথ্য

ভাৰতৰ ৫ কৌটিতকৈও অধিক লোকৰ পৰা আনৰ দেহলৈ ক’ৰোনা সংক্ৰমণৰ সম্ভাৱনা আছে ৷এই লোকসকলৰ ঘৰত হাত ধোৱাৰ সুব্যৱস্থা নথকাৰ বাবেই সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ আমেৰিকাৰ ৱাশ্বিঙটন ইউনিভাৰ্চিটীৰ ইন্সটিটিউট ফৰ হেল্থ মেট্ৰিক্স এণ্ড ইভালুৱেশ্যন বিভাগৰ (Institute for Health Metrics and Evaluation )গৱেষণাত এই তথ্য প্ৰকাশ পাইছে ৷ গৱেষণাটোত লগতে কোৱা হয় যে দৰিদ্ৰ আৰু মধ্যম আয়ৰ দেশসমূহৰ ২ আৰৱতকৈও অধিক লোকৰ ঘৰত চাৱোন আৰু বিশুদ্ধ পানী উপলব্ধ নহয় ৷ সেয়ে ধনী দেশসমূহৰ তুলনাত অহা সময়ছোৱাত এই দেশসমূহত ক’ৰোনাৰ সংক্ৰমণ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ Journal Environmental Health Perspectives ত গৱেষণাৰ সবিশেষ তথ্য প্ৰকাশ পাইছে ৷ গৱেষকসকলৰ মতে আফ্ৰিকা আৰু ওছেনিয়াৰ দেশসমূহৰ ৫০ %ত কৈও অধিক লোকৰ ওচৰত হাত ধোৱাৰ সঠিক সুবিধা নাই ৷ ৪৬ দেশৰ মুঠ জনসংখ্যাৰ ৫০ % লোকেই চাবোন আৰু চাফা পানীৰ সুবিধা লাভ কৰা নাই ৷ আনহাতে , ভাৰত ,পাকিস্থান ,চীন ,বাংলাদেশ , নাইজেৰিয়া ,ইউথোপিয়া ,কংগো ,ইণ্ডোনেছয়া আদি দেশৰ ৫ কৌটিতকৈও অধিক লোকৰ হাত ধোৱাৰ উপযুক্ত ব্যৱস্থা নাই ৷ সদ্যহতে বহুতে হেণ্ড চেনিটাজাৰৰ ব্যৱহাৰ কৰিছে যদিও ক’ৰোনাৰ বাবে দীঘলীয়া সময়লৈ মানুহে হাত ধোৱাৰ অভ্যাস গঢ়িব লাগিব৷ ইফালে , হাত ধোৱাৰ উপযুক্ত সুবিধা নথকাৰ বাবেই প্ৰতি বছৰে বিভিন্ন ৰোগত ৭ লাখতকৈও অধিক মানুহৰ মৃত্যু হয় বুলি গৱেষণা পত্ৰখনত কোৱা হৈছে ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.