সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লেপটপৰ পৰা অগ্নিকাণ্ড

ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।স্থানীয় সময় অনুসৰি পুৱা ৭ বাজি ৩০ মিনিটত সংঘটিত হৈছে এই ঘটনা।ছান ডিয়েগো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা যাত্ৰা আৰম্ভ কৰা বিমানখনত এজন যাত্ৰীৰ এটা লেপটপৰ বেটেৰীত জুই লাগে।লগে লগে বিমানখনৰ ভিতৰত শ্বাসপ্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়৷ফলত বিমানখনৰ ৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।কেৰলিন লিপিনস্কি নামৰ যাত্ৰীগৰাকীয়ে কয় ‘ বিমানখন উৰাৰ কেইমুৰ্হুতমান পিছতেই এগৰাকী যাত্ৰীৰ বেগৰ পৰা ধোঁৱা নিৰ্গত হয়৷তেওঁ লগে লগে বেগটো দলিয়াই দিয়ে আৰু বিমানৰ ভিতৰত অগ্নিৰ সূত্ৰপাত হয়৷কেবিনৰ ভিতৰটো সম্পূৰ্ণ ধোঁৱাই আৱৰি ধৰে।মই বিৰাট আতংকিত হৈছিলোঁ।’অৱশ্যে বিমান কৰ্তৃপক্ষৰ তাৎক্ষণিক পদক্ষেপৰ বাবে বিমানখনৰ যাত্ৰীসকল সুকলমে উদ্ধাৰ হয় ।

Leave A Reply

Your email address will not be published.