সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

খুঁটাৰ ফাঁট পৰিদৰ্শন উপায়ুক্তৰ

মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণত ব্যাপক বিসংগতি ধৰা পৰিছে।জিলা উপায়ুক্ত কাবেৰী শৰ্মাই খান্দিবলৈ দিলে ৮ নং খুঁটা।মাজুলী – যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম আজি পৰিদৰ্শন কৰে মাজুলী জিলাৰ উপায়ুক্ত কাবেৰী শৰ্মাই। উপায়ুক্ত গৰাকী দক্ষিণপাটত উপস্থিত হৈ দলং নিৰ্মাণ কোম্পানীৰ বিষয়া সকলক লগত লৈ ৮ নং খুঁটা পৰিদৰ্শন কৰে।উল্লেখ্য যে ৮ নং খুঁটাত ফাঁট মেলাৰ অভিযোগ বাৰম্বাৰ উত্থাপিত হৈছিল আৰু আজি উপায়ুক্ত গৰাকীয়ে নিজে উক্ত খুঁটাটো খান্দি পৰ্যবেক্ষণ কৰে আৰু বিষয়া কৰ্মচাৰী সকলক নিৰ্মাণৰ নামত গাফিলতি নকৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.