শিৱদৌলত ৫ দিনীয়া শিৱ পূজা

Share This Article

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগনত অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা।বুধবাৰে সংবাদমেল যোগে এই কথা সদৰি কৰে শিৱদৌল উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক বসন্ত গগৈয়ে।১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।১৮ ফেব্ৰুৱাৰী সন্ধিয়া এনামুদ্দিন আহমেদৰ সম্পাদনাত প্ৰকাশ হ’বলগীয়া স্মাৰক গ্ৰন্থ ‘পঞ্চানন’ উন্মোচন কৰিব প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শ‍ইকীয়াই। ইয়াৰ পাচতেই লোকশিল্পী খগেন গগৈ আৰু কণ্ঠশিল্পী ময়ূৰী দত্তৰ ভক্তিমূলক গীতৰ অনুষ্ঠান।এইবাৰ মহাশিৱৰাত্ৰি পূজাৰ লগত সংগতি ৰাখি কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। বিশেষকৈ বলিউডৰ বিশিষ্ট সংগীত শিল্পী অনুৰাধা পাড়োৱালৰ এটা সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হ’ব।২১ ফেব্ৰুৱাৰী সন্ধিয়া ভক্তিমূলক সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব শিৱসাগৰ বিধায়ক অখিল গগৈয়ে । তাৰ পাচতেই বলিউড খ্যাত কণ্ঠশিল্পী পদ্মশ্ৰী ড° অনুৰাধা পাড়োৱালৰ সংগীতানুষ্ঠান “সত্যম শিৱম সুন্দৰৰ্ম”।ইপিনে মহাশিৱৰাত্ৰি মেলাত দেশৰ ভিন্ন প্ৰান্তৰ ৫৮০ খনৰো অধিক বিপনীয়ে অংশগ্ৰহণ কৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.