সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰত -চীনৰ সংঘাতৰ মাজত কেনেদৰে সোমাই পৰিছে পাকিস্থান?

• সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজৰ শেহতীয়াকৈ কূটনৈতিক সম্পৰ্কৰ যি অৱনতি ঘটিছে, তাৰ মাজত জড়িত হৈ পৰিছে পাকিস্থান৷
• আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি পাকিস্থানস্থিত বালুচী আৰু সিন্ধী বিচ্ছিন্নতাবাদী সংগঠন সমূহে পাকিস্থানৰ মাজেৰে যোৱা চীনৰ অৰ্থনৈতিক কৰিডৰ আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে।
• চীন -পাকিস্থান অৰ্থনৈতিক কৰি’ডৰ(CPEC) নামেৰে খ্যাত এই বিশেষ অৰ্থনৈতিক পৰিকল্পনাটো চীনৰ ৰাষ্ট্ৰপতি জিঙপিঙৰ বেল্ট এণ্ড ৰ’ড ইনিচিয়েটিভৰ অংশ।
• বালুচী আৰু সিন্ধী সশস্ত্ৰ সংগঠন সমূহে এই কৰিড’ৰক তেওঁলোকৰ সম্পদ লুন্ঠনৰ এক অভিপ্ৰায় আখ্যা দিছে।
• উল্লেখযোগ্য যে, যোৱা জুন মাহত হোৱা পাকিস্থানৰ ষ্টক একচেঞ্জৰ আক্ৰমনকে আদি কৰি বালুচী আৰু সিন্ধী সশস্ত্ৰ সংগঠন সমূহে পাকিস্থানত কেইবাটাও ভয়ঙ্কৰ আক্ৰমণ সংঘটিত কৰিছে।
• এনে প্ৰেক্ষাপটত কূটনৈতিক বিশেষজ্ঞসকলৰ মতে সশস্ত্ৰ সংগঠন সমূহৰ ভাবুকিয়ে সমগ্ৰ চীন-পাকিস্থানৰ এই অৰ্থনৈতিক পৰিকল্পনাৰ বাস্তৱ ৰূপায়নত পানী ঢালিব পাৰে।
• অন্যহাতেদি পাকিস্থানে ইয়াৰ বাবে ভাৰতক দোষী সাব্যস্ত কৰিছে। পাকিস্থানৰ মতে বলুচী আৰু সিন্ধী বিচ্ছিন্নতাবাদী সশস্ত্ৰ সংগঠন সমূহ ভাৰতৰ সমৰ্থনপুষ্ট।
• পাকিস্থানে সন্দেহ প্ৰকাশ কৰিছে যে বিচ্ছিন্নতাবাদী এই সংগঠন সমূহৰ শেহতীয়া স্থিতি ভাৰত- চীন সাংঘাতৰ লগত ওত:প্ৰোত ভাবে জড়িত।

Leave A Reply

Your email address will not be published.