সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আনুষ্ঠানিকতা বাকী : বিজেপিৰ সংগ এৰিবলৈ সাজু হাগ্ৰামা

এতিয়া কেৱল আনুষ্ঠানিকতাহে বাকী ৷ বিজেপিৰ সংগ এৰিবলৈ সাজু হৈছে মিত্ৰদল বি পিএফ ৷ দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মুকলিকৈ এই মন্তব্য কৰিছে ৷ আজি অসমীয়া দৈনিক কাকত “নিয়মীয়া বাৰ্তা”ত প্ৰকাশিত এক বাতৰিত মহিলাৰীয়ে মন্তব্য কৰিছে যে আজিৰ তাৰিখত ওপৰে ওপৰেহে বিজেপি আৰু বিপিএফৰ মিত্ৰতা আছে ৷ভিতৰত নাই ৷ অহা বিধানসভা নিৰ্বাচনত বিপিএফ য়ে ১৫টা বিধানসভা সমষ্টিত প্ৰাৰ্থী থিয় কৰাব বুলিও তেওঁ মন্তব্য কৰে ৷লক্ষণীয়ভাৱে এই সমষ্টিকেইটাৰ ভিতৰত আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টি সৰভোগ ৷ হাগ্ৰামা মহিলাৰীৰ এই মন্তব্যই দল দুটাৰ সম্পৰ্কৰ গভীৰ অৱনতি ঘটাটো নিশ্চিত কৰিছে ৷ মহিলাৰীয়ে লগতে এইবুলিও কয় যে আজি চাৰি মাহ ধৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনো আলোচনা হোৱা নাই ৷ এই সময়ছোৱাত তেওঁৰ ওপৰত যথেষ্ট অত্যাচাৰ চলিছে ৷ পত্নীৰ গাড়ীৰ ওপৰত শিলাবৰ্ষণ হৈছে ৷ আৰক্ষীয়ে পত্নীৰ নামত থকা ষ্ট’ন ক্ৰেচাৰৰ কাগজ -পত্ৰ বিচাৰি হাৰাশাস্তি কৰিছে ৷ অথচ বেংকৰ পৰা ঋণ লৈ সম্পূৰ্ণ বৈধ প্ৰক্ৰিয়াৰে এই ক্ৰেচাৰ চলাই থকা হৈছে ৷ আনহাতে , তেওঁক ধ্বংস কৰিবলৈ বিটিএডিত বৰ্তমান হীৰা শৰণীয়া , ইউ পি পি এল আৰু বিজেপি একলগ হৈছে বুলিও হাগ্ৰামা মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ কৃষক নেতা অখিল গগৈৰ বন্দিত্বৰ প্ৰসংগত তেওঁ কয় যে নিৰ্বাচনৰ আগত অখিল গগৈ মুকলি হৈ অহাৰ সম্ভাৱনা নাই ৷ কিয়নো অখিল গগৈ কাৰাগাৰৰ পৰা ওলালে বিজেপিৰ ক্ষতি হ’ব ৷

Leave A Reply

Your email address will not be published.