ত্ৰিপুৰা ভ্ৰমণ: উনাকোটি আৰু ধৰ্মনগৰ-জিতাদিত্য নাৰ্জাৰী

ত্ৰিপুৰা ভ্ৰমণ: উনাকোটি আৰু ধৰ্মনগৰ-জিতাদিত্য নাৰ্জাৰী

Share with

 

জিতাদিত্য নাৰ্জাৰী

ত্ৰিপুৰা অসমৰ পৰা বেছি দুৰ নহয়। কিন্তু সাধাৰণতে বেছি মানুহ যোৱা দেখা নাযায়। বিচাৰিলে বেছি তথ্য পোৱাও নাযায়। কিন্তু তাৰ মাজতে এবাৰ মই ত্ৰিপুৰা ট্যুৰিজিমৰ ৱেবছাইটটো খুলি চাওঁতে দেখিলোঁ যে ৰাজ্যখনৰ আটাইবোৰ গুৰুত্বপূৰ্ণ স্থানতে পৰ্য্যটকৰ বাবে চৰকাৰী গেষ্ট হাউচ আছে। উত্তৰপূৰ্বাঞ্চলৰ বাকি ৰাজ্যবোৰৰ অৱস্থা দেখি সেইবোৰ মোৰ কাল্পনিক যেন লাগিল কিন্তু তথাপি নিজে গৈ চাই আহো বুলি ভাবিলো।

গুৱাহাটীৰপৰা পৰা আগৰতলালৈ ৰেল আছে (দিল্লী আগৰতলা ৰাজধানীও আছে), কিন্তু টিকট নাপালোঁ। গতিকে গুৱাহাটৰপৰা ৰাতিৰ ট্ৰেইন এখন ধৰি ৰাতিপুৱা বদৰপুৰ পালোঁ আৰু তাৰ পৰা শ্বেয়াৰ্ড গাড়ী এখনত ১০ জন মানুহ আৰু কেইটামান ছাগলীৰ লগত কৰিমগঞ্জ পালোঁ। তাৰপৰা এখন আগৰতলা যোৱা বাছ পালোঁ কিন্তু মই মাজতে ধৰ্মনগৰ বুলি ঠাই খনত নামি গলো।

এসময়ত ত্ৰিপুৰা এখন স্বাধীন ৰাজ্য আছিল। ইয়াৰ বেছিভাগ প্ৰধান চহৰ ইয়াৰ ৰজাসকলে গঢ়ি তোলা। গতিকে ৰাজস্থানৰ দৰে বিশাল নহলেও ইয়াৰ চহৰবোৰত ৰাজকীয় পৃষ্ঠপোষকতাৰ ছাপ এটা দেখা যায়।

ধৰ্মনগৰ খনো ইয়াৰ ব্যতিক্ৰম নহয়। চহৰৰ মাজত এটা ডাঙৰ পুখুৰী (ৰাতি ৰঙীন লাইট জ্বলে)। মুখ্য বজাৰ আৰু কেইটামান হোটেল পুখুৰীৰ চাৰিওফালে গঢ়ি উঠিছে। মই অলপ সময় বিচাৰি চৰকাৰী টুৰিষ্ট লজটো বিচাৰি পালোঁ। গতিকে ৱেবছাইটত লিখা কথাখিনি ঠিকেই আছিল! অৱশ্যে তাত ৰুম খালি নাছিল। কিন্তু আন এঠাইত মই মাত্ৰ ৩০০ টকাত ৰুম এটা পাই গোলো। ৰুমটো সৰু যদিও সকলো ব্যৱস্থা ঠিকেই আছিল আৰু পাশ্চাত্য শৈলীৰ বাথৰুমো আছিল। ইতিমধ্যে মই বুজি উঠিছিলো যে এই ৰাজ্যখনত থকা আৰু খোৱা, দুটাই সস্তা আৰু বেকপেকাৰ সকলৰ বাবে ইয়াতকৈ ভাল খবৰ একো হব নোৱাৰে।

কিন্তু মই এই চহৰখনত ৰখিলোঁ কিয়? আচলতে ইয়াত ৰখাৰ প্ৰকৃত উদ্দেশ্য আছিল উনাকোটি দৰ্শন কৰা। এইখন ত্ৰিপুৰাৰ আটাইতকৈ বিখ্যাত স্থান বুলি কব পাৰি। সৰুতে দূৰদৰ্শনৰ সুৰভি বুলি অনুষ্ঠানটোত দেখিছিলো আৰু তেতিয়াৰ পৰাই চাবৰ মন আছিল। মানচিত্ৰত ঠাইখন ধৰ্মনগৰৰ পৰা ওচৰতে দেখুৱাইছিল বাবে মই ইয়াতে ৰখি গলো। স্থানীয় লোসকলে কোৱামতে উনাকোটি এই চহৰৰ পৰা ২০ কিলোমিটাৰ মান দূৰত। কিন্তু ঠাইখন আচলতে ধৰ্মনগৰ আৰু কৈলাশহৰ বুলি আন এখন চহৰৰ মাজত। গতিকে এই দুখন চহৰৰ মাজৰ অহা যোৱা কৰি থকা শ্বেয়াৰ্ড গাড়ী এখন ধৰি মই ২০ টকামানতে উনাকোটি পাই গলো।

এই ঠাইখিনি অলপ পাহাৰীয়া ধৰণৰ আৰু উনাকোটিৰ ভাস্কৰ্য্যবোৰ পাহাৰৰ গাত খোদাই কৰি বনোৱা হৈছে। মই গাড়ীৰ পৰা নামি প্ৰথমে একো নেদেখিলোঁ। ৰাস্তাৰ কাষত হলেও এই ঠাইখিনি ঘন অৰণ্যৰে আৱৰা। অলপমান বিচাৰি ফুৰি গেট এখন দেখিলোঁ। ৰখীয়া জনে টিকেট নোলোৱাকৈ ভিতৰলৈ যাব দিলে। কিয় নললে আজিলৈকে বুজি নাপালোঁ কিন্ত্ত অৱশেষত আবেলি ২ টা মানত মই উনাকোটি গৈ পালোঁ। প্ৰথমে অলপমান চিৰি বগাই গলো আৰু অলপ পিছত পাহাৰৰ গাত অঁকা এযোৰ বিশাল চকুত চকু পৰিল।

উনাকোটিৰ ভাস্কৰ্য্য বোৰ একক আৰু অতুলনীয় বুলি কলেও বেছি কোৱা নহব। এনেকুৱা কলাকৃতি ভাৰতৰ আন ঠাইত বিচাৰি নাপাব কিয়নো ইয়াত মূলধাৰাৰ সংস্কৃতিৰ লগত খিলঞ্জীয়া সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে। ঠিক কোনে কোন সময়ত আৰু কিয় এই ঠাইত এইবোৰ বনালে সেয়া ভালকৈ কোৱা কঠিন। পুৰাতত্ত্ববিদ সকলৰ মতে এই ভাস্কৰ্য্য বোৰ সপ্তমৰ পৰা নৱম শতাব্দীৰ ভিতৰত বনোৱা। ইয়াত শিৱ, দুৰ্গা, গণেশ আদিৰ মুখ পাহাৰৰ শিল কাটি আঁকি উলিওৱা হৈছে। কিন্তু মই মোৰ সন্মুখত থকা মুখখন প্ৰথমে শিৱ বুলি বুজি পোৱা নাছিলো। অলপ পিছত সৰু শিৱলিঙ্গ আৰু নন্দীৰ মূৰ্তি এটা দেখিহে বুজা গল। সেইবাবেই উনাকোটিক অদ্বিতীয় বুলি কব পাৰি কাৰণ শিৱৰ মুখত মংগোলীয় ছাপ এটা আছে। শিল্পীয়ে নিশ্চয় ইয়াৰ আদিম বাসিন্দাসকলৰ মুখাবয়বৰ পৰাই অনুপ্ৰেৰণা লৈছিল।

উনাকোটিৰ বিষয়ে কেবাটাও কাহিনী আছে। ত্ৰিপুৰাৰ মনিক্য ৰাজবংশৰ গ্ৰন্থ ৰাজমালাতো ইয়াৰ উল্লেখ আছে। গল্প বেলেগ বেলেগ হলেও মূল কথাটো একেই। ইয়াত এক কোটি মূৰ্তি বনোৱাৰ কথা আছিল। কিন্তু কিবা কাৰণত এটা কম হল। এইবাবেই নাম হল উনাকোটি। বহু দিন ধৰি উনাকোটিক UNESCO World Heritage Siteৰ নায্যতা প্ৰদান কৰাৰ চেষ্টা চলাই থকা হৈছে। আজিলৈকে সফল হোৱা নাই (মাজুলীৰ দৰে)। কেতিয়াবা হব বুলি আশা ৰাখিলোঁ আৰু দুঘণ্টামান কটাই মই তাৰ পৰা ওলাই আহিলোঁ।

অৱশ্যে ঘূৰি অহা ইমান সহজ নাছিল। আগতেই কৈছোঁ যে এই ঠাইখিনি দুখন চহৰৰ মাজত আৰু ইয়াৰ ওচৰত সাধাৰণতে কোনো গাড়ী ৰখি নাথাকে। গতিকে মই খোজকঢ়া আৰম্ভ কৰিলোঁ। ৪ বাজিছিল। বেয়া অৱস্থা হলেও ডিনাৰৰ সময়ত গৈ পাম বুলি ভাবিলো। অৱশ্যে তেনে অৱস্থা নহল। স্পিড পোষ্টৰ গাড়ী এখনত লিফট পালোঁ আৰু একো খৰচ নকৰাকৈ ধৰ্মনগৰ পাই গলো। সেই গাড়ীৰ ড্ৰাইভাৰ জনৰ ৰাজনীতিত বৰ ৰাপ আছিল। কেইদিনমান পিছতে বিধানসভা নিৰ্বাচন আৰু এইবাৰ কোন জিকিব সেইবিষয়ে তেওঁ নিশ্চিত আছিল। পিছত যেতিয়া ফলাফল ওলাল, তেওঁৰ কথাই সঁচা প্ৰমাণিত হল।

ত্ৰিপুৰা যাত্ৰাৰ প্ৰথম পৰ্য্যায় ইয়াতে শেষ হল। ৰাতি গুৱাহাটীৰ পৰা ওলাইছিলো। ২৪ ঘণ্টা নহওঁতেই ইমান বছৰে ভাবি থকা ঠাইখন আহি চাই পেলালোঁ আৰু এখন নতুন ৰাজ্যৰ বিষয়ে বহুত ভুল ধাৰণাও আঁতৰি গল। খৰচ ৰেলৰ টিকেট বাদ দি ৫০০ টকাও এতিয়ালৈকে হোৱা নাছিল। এই কথাটো মই সদায় ভাবোঁ। উত্তৰপূৱত ভৌগলিক দুৰত্বতকৈ মানসিক দূৰত্বই বেছি!

—ক্ৰমশ: —

(জিতাদিত্য নাৰ্জাৰী এজন প্ৰতিস্থিত ভ্ৰমণ লেখক। তেখেতৰ অন্যান্য লেখা সমূহ পঢ়িবলৈ এই লিংকটোত ক্লিক কৰক- https://travellingslacker.com/unakoti-tripura-travel/ )

 

COMMENTS

Leave a Reply

Your email address will not be published. Required fields are marked *