Investigative reporting with dedication.

মহাপ্লাৱনত আক্ৰান্ত হৈছে মধ্য অসমৰ কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল৷ মঙলবাৰে পুৱাই কলিয়াবৰৰ ৰক্ষাকৱচ স্বৰূপ হাতীমূৰা মথাউৰি উটুৱাই নিলে ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নি পানীয়ে৷ ইয়াৰ পাছতেই প্ৰলয়ৰ সূচনা হ’ল কলংপাৰৰ বিশাল অঞ্চলত৷ কিন্তু প্ৰশ্ন হৈছে এই ভয়ংকৰ দুৰ্যোগৰ বাবে জগৰীয়া কোন? কিয় বাৰে বাৰে চিঙে হাতীমূৰাৰ মথাউৰি? কোন ঠিকাদাৰৰ হাতত তুলি দিয়া হয় কলিয়াবৰৰ ভাগ্য?

দ্য ক্ৰছকাৰেণ্টে লাভ কৰা তথ্য অনুসৰি, কলিয়াবৰৰ যি হাতীমূৰা মথাউৰি পানীয়ে উটুৱাই নিলে, সেই মথাউৰি নিৰ্মাণৰ দায়িত্বত আছিল খোদ কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত৷ নাবাৰ্ডৰ সাহায্যপ্ৰাপ্ত আৰ আই ডি এফ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগে কুকুৰাকটাৰ পৰা হাতীমূৰালৈ ৩.৫৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বাবে ২০২২-২৩ বৰ্ষত নিবিদা আহ্বান কৰিছিল৷ মথাউৰিৰ লগতে পথ নিৰ্মাণৰ বাবে আবণ্টিত ধনৰ পৰিমাণ আছিল ৬ কোটি ৭০ লাখ টকা৷ এই নিবিদাৰ জৰিয়তে হাতীমূৰা মথাউৰি নিৰ্মাণৰ দায়িত্ব লাভ কৰে মাধৱ এণ্টাৰপ্ৰাইজ আৰু অচ্যুত শইকীয়াই৷ ঠিকা লাভ কৰা মাধৱ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী হ’ল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত৷ ২০২৩ চনৰ ৪ জানুৱাৰী তাৰিখে তেওঁলোকে কুকুৰাকটাৰ পৰা হাতীমূৰালৈ মথাউৰি আৰু পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰে৷ মন কৰিবলগীয়া কথাটো হ’ল নিবিদা প্ৰক্ৰিয়াত মাত্ৰ দুটা প্ৰতিষ্ঠানেই অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকেই লাভ কৰিছিল ৬.৭০ কোটি টকাৰ ঠিকা৷

এই মথাউৰি নিৰ্মাণৰ কেইমাহমান পাছতেই ব্ৰক্ষপু্ত্ৰৰ বাঢ়নি পানীয়ে উটুৱাই লৈ গ’ল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই নিৰ্মাণ কৰা ৬.৭০ কোটিটকীয়া মথাউৰি৷ কিন্তু তাৰ পাছতো ঠিকাদাৰক দোষ দিবলৈ সাজু নহয় স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত৷ ভাতৃক ক্লীনছীট দি কেশৱ মহন্তৰ দায়সৰা মন্তব্য –মথাউৰি সকলোতে ভাঙিয়েই আছে৷ কেতিয়াবা পানীৰ হেঁচাত মথাউৰি ভাঙে৷ একেষাৰে ঠিকাদাৰক দোষ দিব নোৱাৰি৷ মন্ত্ৰী কেশৱ মহন্তই তেওঁৰ ঠিকাদাৰ ভাতৃক ক্লীনছীট দিবলৈ চেষ্টা চলালেও প্ৰশ্ন হৈছে একেটা মথাউৰি ভাঙি ২০১৭ চনতো কলিয়াবৰত প্ৰলয়ৰ সূচনা হৈছিল৷ সেই সময়তো মথাউৰি নিৰ্মাণৰ দায়িত্বত আছিল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত আৰু তেওঁৰ সহযোগী ঠিকাদাৰ অচ্যুত শইকীয়া৷ তাৰ পাছত ২০২২-২৩ বৰ্ষতো লোকনিৰ্মাণ বিভাগে আকৌ ৬ কোটি ৭০ লাখ টকাৰে একেটা মথাউৰি নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰিলে কৃষ্ণ মহন্ত আৰু অচ্যুত শইকীয়াক৷

নিবিদা প্ৰক্ৰিয়ালৈ লক্ষ্য কৰিলেই স্পষ্ট হৈ পৰে যে ৰাজনৈতিক প্ৰভাৱ খটুৱাই আন ঠিকাদাৰ বা প্ৰতিষ্ঠানক নিবিদাত অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে৷ ৰাজনৈতিক ক্ষমতাৰেই তেওঁ হস্তগত কৰিছিল হাতীমূৰা মথাউৰি নিৰ্মাণৰ কেবাকোটিটকীয়া ঠিকা৷ কিন্তু চৰকাৰৰ বৰঘৰৰ মানুহ হোৱা বাবেই কালৈকো ভ্ৰুক্ষেপ নকৰি কৃষ্ণ মহন্ত আৰু তেওঁৰ সহযোগীয়ে অতি নিম্নমানৰ মথাউৰি নিৰ্মাণৰ অভিযোগ উত্থাপণ হৈ আহিছিল৷ এই অভিযোগ অস্বীকাৰ কৰি মন্ত্ৰী কেশৱ মহন্তই মাত্ৰ এসপ্তাহৰ আগতে মন্তব্য কৰিছিল যে হাতীমূৰা মথাউৰিক লৈ চিন্তাৰ কোনো কাৰণ নাই৷ অথচ তাৰ এসপ্তাহ পাছতেই বাঢ়নি পানীয়ে উটুৱাই লৈ গ’ল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা এই কোটিটকীয়া মথাউৰি৷ অৰ্থাৎ কলিয়াবৰৰ দুৰ্যোগৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে মন্ত্ৰীৰ ভাতৃ কৃষ্ণ মহন্তই নিৰ্মাণ কৰা নিম্নমানৰ মথাউৰি মথাউৰি নিৰ্মাণৰ নামত সংঘটিত এই বৃহৎ অনিয়মৰ তদন্ত হ’বনে, এয়া হৈ পৰিছে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন।




