গিৰিমল্লিকা শইকীয়ালৈ নুমলী হাজৰিকা সোঁৱৰণী ‘গ্ৰাছ ৱ’মেন এৱাৰ্ড ২০২৪’

Share This Article

প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত জন্ম লোৱা আৰু উজনি অসমত সেউজ বিপ্লৱ গঢ়ি তোলা উজনি অসমৰ অন্যতম বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন গ্রাছ, বোকাখাতৰ (গ্ৰীণ ৰিভলিউশ্যনেৰী এডমায়াৰেবল চিৰিণ চ’ছাইটি) উদ্যোগত আৰু বোকাখাতৰ প্ৰায় ২০ টা মহিলা সংগঠনৰ সহযোগত আয়োজন কৰিবলৈ লোৱা হৈছে আন্তৰ্জাতিক নাৰী দিৱস। বিভিন্ন কাৰ্যসূচীৰ লগতে ৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজন কৰা হৈছে প্ৰৱন্ধ প্ৰতিযোগিতা ।”মহিলা সৱলীকৰণত সমাজ আৰু চৰকাৰৰ কৰণীয়” শীৰ্ষক বিষয়ত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতা কেৱল মহকুমা ভিত্তিত সীমাবদ্ধ থাকিব। বিশেষকৈ সহযোগী মহিলা অনুষ্ঠানৰ সদস্যা সকলেহে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগী সকলে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে অংশ গ্ৰহণ কৰিব পাৰিব।প্ৰবন্ধ ১০০০ শব্দৰ ভিতৰত হ’ব লাগিব । ম’বাইল বা কম্পিউটাৰৰ ডিটিপি লেখাহে গ্ৰহণযোগ্য হ’ব । ২৫ ফেব্ৰুৱাৰী ভিতৰত লেখা সমূহ জমা দিব লাগিব । লেখা পঠিওৱা ম’বাইল ৱাটচ এপ নম্বৰ ৯৭০৭২৭৫০৪২,কোনো লেখা গ্ৰুপত নপথাবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে। নাৰী সকলৰ মাজত থলীতে চিঠি লিখা প্ৰতিযোগিতা, আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা নাৰী দিৱসৰ বক্তৃতা আৰু গ্ৰাছৰ দ্বাৰা প্ৰকাশিত সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰৰ প্ৰৱন্ধ সংকলন উন্মোচন কৰা হব। আনহাতে বিগত বৰ্ষসমূহত গ্ৰাছে প্ৰদান কৰি অহা বঁটা সমূহৰ মাজৰ নুমলী হাজৰিকা সোঁৱৰণী ‘”গ্ৰাছ ৱমেন এৱাৰ্ড২০২৪” এই দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা হব। এই বাৰৰ নুমলী হাজৰিকা সোঁৱৰণী ‘গ্ৰাছ ৱমেন এৱাৰ্ড২০২৪’ ৰ বাবে গোলাঘাট জিলাৰ বনগাঁৱৰ গিৰিমল্লিকা শইকীয়াক নিৰ্বাচন সমিতিয়ে নিৰ্বাচন কৰিছে। শইকীয়া এগৰাকী নাৰী সৱলীকৰণৰ অগ্ৰণী মহিলা, শিক্ষয়িত্ৰী, লেখিকা, পৰিবেশ কৰ্মী, বাতৰি কাকতৰ নিয়মীয়া স্তম্ভলেখক, প্ৰৱন্ধকাৰ হোৱাৰ লগতে প্ৰকৃতি বিষয়ক গ্ৰন্থৰ প্ৰণেতা। এক প্ৰেছ বিবৃতি যোগে গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই এই কথা ঘোষণা কৰে। আনহাতে বিশ্ব পৰিৱেশ দিৱস তথা গ্ৰাছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ধনিল বৰঠাকুৰ সোঁৱৰণী ‘গ্ৰাছ গ্ৰীণ এৱাৰ্ড” , কমলেশ্বৰ বৰা সোঁৱৰণী ‘গ্ৰাছ ফাৰ্মাৰ এৱাড’ আৰু স্বচ্ছ আৰু পৰিৱেশৰ বাবে থানেশ্বৰ ভূঞা সোঁৱৰণী ‘গ্ৰাছ নিৰ্মল সেউজ বঁটা” বঁটা সমূহ অহা ৫ জুনত প্ৰদান কৰা হ’ব বুলিও লগতে প্ৰকাশ কৰে। উদ্যোক্তা সকলে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’ব লগীয়া নাৰী দিৱসলৈ সকলো ৰাইজক আমন্ত্ৰণ জনাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.