এইবাৰ বিগবাজাৰো গ’ল আম্বানীৰ হাতলৈ

Share This Article

দেশৰ অৰ্থনীতিত ৰিলায়েন্স গ্ৰুপ অৰ্থাৎ আম্বানী পৰিয়ালৰ দপদপনিক কেন্দ্ৰ কৰি বহু অৰ্থনীতিবিদে একচেতিয়া অধিপত্যৰ অশনি সংকেত দি থকাৰ সময়তে ৰিলায়েন্সে এইবাৰ ক্ৰয় কৰিছে Future Group Business ক। উল্লেখযোগ্য যে এই Future Group Business য়ে আমাৰ সকলোৰে পৰিচিত বিগবাজাৰৰ মালিক। প্ৰায় ২৪,৭১৩ কোটি টকাত ৰিলায়েন্সে Future Group Business ক্ৰয় কৰাৰ পিছত এতিয়া বিগবাজাৰ ৰিলায়েন্স গ্ৰুপ হাতলৈ যায়।

বিভিন্ন সংবাদ মাধ্যমত চলি থকা চর্চা অনুসৰি ইয়াৰ জৰিয়তে ৰিলায়েন্সে তেওঁলোকৰ retail আৰু ecommerce ব্যৱসায়ক আৰু অধিক শক্তিশালী কৰি Amazon ক প্ৰত্যাহ্বান দিব।

এই ক্ৰয়ৰ জৰিয়তে Future Group ৰ প্ৰতিষ্ঠাতা কিশোৰ বিয়ানীৰ ঋণৰ পৰা উদ্ধাৰ হোৱাত সহায় কৰিব বুলিও একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। অৱশ্যে এই ক্ৰয়ে Future Group আৰু Amazonৰ মাজৰ সমন্ধত ফাট মেলাৰ সম্ভাৱনাই অধিক।

 

photo courtesy: DQ channel

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.