Investigative reporting with dedication.

আজি প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত পুনৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান জনায় নৰেন্দ্ৰ মোডীয়ে। এইবাৰ পুতলা উদ্যোগত ভাৰত বৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া ভাৰতবৰ্ষক ভকেল ফৰ লোকেল টয় (toy) হোৱাৰ সময় আহিছে। বিশ্ব পুতলা উদ্যোগ ৭ লাখ কোটি টকীয়া বুলি অভিহিত কৰি নৰেন্দ্ৰ মোডীয়ে কয় যে ইয়াত ভাৰতৰ অংশ তেনেই সামান্য। গতিকে এইক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তা আছে বুলি তেখেতে কয়।
ইয়াৰ উপৰিও কৰোনা ভাইৰাছৰ সংক্ৰমণৰ এই সময়ছোৱাত ভাৰতবাসীয়ে দেখুওৱা দায়বদ্ধতা আৰু শৃংখলাৰো শলাগ লয় প্ৰধানমন্ত্ৰীয়ে। যুৱচামক কম্পিউটাৰ গেম, মোবাইল app আদি উদ্ভাৱন কৰিবলৈও উৎসাহ দিয়ে প্ৰধানমন্ত্ৰীয়ে।
আজিৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ছেপ্টেম্বৰ মাহটো Nutrition মাহ হিচাপে উদযাপন কৰা হ’ব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
নৰেন্দ্ৰ মোডীয়ে বিভিন্ন সুৰক্ষা অভিযানত কুকুৰৰ ভূমিকাক শলাগ লৈ কুকুৰ পুহিবলৈ ইচ্ছা কৰা ভাৰতীয় সকলক লোকেল ব্ৰীডৰ কুকুৰ পুহিবলৈ আহ্বান জনায়।




