বিজেপিৰ ‘হোৱাইট পেপাৰ’ বনাম কংগ্ৰেছৰ ‘ব্লেক পেপাৰ’

Share This Article

দেশৰ ইতিহাসত সংঘটিত হৈছে এক নোহোৱা নোপোজা ঘটনা । ১০ বছৰ শাসনত থকাৰ পাছত এতিয়া সময় আছিল মোদী চৰকাৰে বিগত কাৰ্যকালৰ সফলতাৰ খতিয়ানেৰে ৰিপোৰ্ট কাৰ্ড প্ৰকাশ কৰাৰ । কিন্তু মোদী চৰকাৰ উভতি গ’ল ১০ বছৰ আগলৈ । সপ্তদশ লোকসভাৰ শেষৰখন অধিৱেশনত মোদী চৰকাৰে প্ৰকাশ কৰিলে মনমোহন সিঙ চৰকাৰৰ দহ বছৰীয়া ব্যৰ্থতাৰ এক হোৱাইট পেপাৰ । অভিযোগ উত্থাপণ কৰিলে ইউ পি এ চৰকাৰে দেশৰ অৰ্থনীতি থান বান কৰি থৈ যোৱাৰ । বিজেপিয়ে ইউ পি এৰ ব্যৰ্থতাৰ অভিযোগেৰে প্ৰকাশ কৰা ৫৯ পৃষ্ঠাৰ হোৱাইট পেপাৰত উল্লেখ কৰা মূল অভিযোগকেইটা আছিল –
১) মজবুত অৰ্থনৈতিক বুনিয়াদ পোৱাৰ পাছতো অকৰ্মন্য হৈ থাকিল ইউ পি এ চৰকাৰ
২) ১০ বছৰত অৰ্থনৈতিক প্ৰগতিৰ বাবে একোৱেই নকৰিলে ইউ পি এ চৰকাৰে
৩) মূল্যবৃদ্ধি ৰোধত চূড়ান্ত ব্যৰ্থ হ’ল ইউ পি এ চৰকাৰ
৪) ২০০৯ ৰ পৰা ২০১৪ ভিতৰত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিলে দেশবাসীক
৫) ৰাজহুৱা খণ্ডৰ সম্পত্তি বিক্ৰীৰ ক্ষেত্ৰত নাছিল কোনো স্বচছতা
৬) প্ৰতিটো সম্পত্তিৰ নিলামত সংঘটিত হ’ল সীমাহীন দুৰ্নীতি
৭) কয়লা খনিৰ নিলামত সংঘটিত হৈছিল বৃহৎ কেলেংকাৰী
৮) ৰাজহুৱা খণ্ডৰ বেংকত এন পি এৰ পৰিমান ১৬ শতাংশলৈ বৃদ্ধি হ’ল
৯) ২০০৯ ৰ পৰা ২০১৪ লৈ জি ডি পিৰ হাৰ আছিল অতি শোচনীয়

এইদৰেই অসংখ্য আৰু অনেক তথ্যৰে কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক জগৰীয়া কৰিবলৈ চেষ্টা কৰিলে বিজেপিয়ে । কিন্তু মূল কথাটো হ’ল ১০ বছৰ পূৰ্বেই শাসনৰ পৰা বহিষ্কৃত হৈছে কংগ্ৰেছ । কংগ্ৰেছৰ ব্যৰ্থতাৰ অভিযোগ আৰু দেশক প্ৰগতিৰ পথত আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল নৰেন্দ্ৰ মোদী । দেশৰ অৰ্থনৈতিক সংস্কাৰৰ কথা কৈ বলবৎ কৰিছিল বিমুদ্ৰাকৰণ । কিন্তু এই বিমুদ্ৰাকৰণৰ ফলত কিমান ক’লাধন জব্দ হ’ল , কিমান ক’লা ধনৰ গৰাকী ধৰা পৰিল , তাৰ কোনো খতিয়ান হোৱাইট পেপাৰত নাই ।  মোদী চৰকাৰে তেওঁলোকৰ আমোলৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সংস্কাৰৰ সফলতাৰ তথ্য উল্লেখ নকৰাকৈ দাখিল কৰা এই ‘হোৱাইট পেপাৰ’ দাখিল কৰাৰ অৰ্থই হ’ল নিজৰ ব্যৰ্থতাৰ বোজা দহ বছৰ পূৰ্বে ক্ষমতাচ্যুত হোৱা মনমোহন সিঙৰ ওপৰত জাপি দিয়া ।
বিজেপিয়ে হোৱাইট পেপাৰ সদনত দাখিল কৰাৰ এদিন পূৰ্বেই কংগ্ৰেছে প্ৰকাশ কৰি উলিয়াইছিল ব্লেক পেপাৰ । এই ব্লেক পেপাৰত কংগ্ৰেছে উল্লেখ কৰিলে মোদী চৰকাৰৰ ব্যৰ্থতাৰ খতিয়ান । কংগ্ৰেছৰ মূল অভিযোগসমূহৰ ভিতৰত আছে-

১) কৰ্মসংস্থাপন সৃষ্টিত চূড়ান্ত ব্যৰ্থ মোদী চৰকাৰ
২) ২০২২ ত দেশৰ নিবনুৱাৰ সংখ্যা বৃদ্ধি হ’ল ৪ কোটিলৈ
৩) কেন্দ্ৰীয় চৰকাৰত খালী হৈ আছে ১০ লাখ চাকৰি
৪) খাৰুৱা তেলৰ দাম ২১ শতাংশ হ্ৰাসৰ পাছতো নকমিল পেট্র’ল – ডিজেলৰ দাম
৫) মোদীৰ আমোলত এছ টি – এছ চিৰ বিৰুদ্ধে সংঘটিত অপৰাধ ৪৮ শতাংশ বৃদ্ধি
৬) দুখীয়া – ক্ষুদ্ৰ উদ্যোগীৰ ওপৰত মোদীয়ে চলাইছে কৰৰ সন্ত্ৰাস
৭) ৮ শতাংশ কৰ্পোৰেট কৰ হ্ৰাস কৰি পুঁজিপতিক ১ লাখ ৮০ হাজাৰ কোটিৰ কৰ ৰেহাই
৮) মোদীৰ আমোলত কৃষকৰ দৈনিক উপাৰ্জন মাত্ৰ ২৭ টকা
৯) ৰাজ্য চৰকাৰৰ পতন ঘটোৱাত ধনৰ অপব্যৱহাৰ মোদী চৰকাৰৰ

ইয়াৰ বাহিৰেও ই ডিৰ জড়িয়তে বিৰোধী নেতাক লক্ষ্য কৰি লোৱা , সামাজিক অসহিষ্ণুতা বৃদ্ধি আদি অনেক অভিযোগ কংগ্ৰেছে মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপণ কৰিছে ৷ এইদৰেই বিজেপিৰ হোৱাইট পেপাৰ বনাম কংগ্ৰেছৰ ব্লেক পেপাৰক লৈ দেশত আৰম্ভ হৈছে এক নতুন ৰাজনীতি ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.