অসম কন্যা মধুস্মিতাৰ সাফল্যঃ JEE মেইনচত ছাত্ৰীৰ ভিতৰত তৃতীয় স্থান দখল

Share This Article

অসমৰ বাবে এক গৌৰৱৰ ক্ষণ।পুনৰ এবাৰ ৰাষ্ট্ৰীয় স্তৰত প্ৰমাণিত হ’ল যে অসমত প্ৰতিভা তথা কৃতিমানৰ অভাৱ নাই। শেহতীয়াকৈ বহৰি সত্ৰৰ কৃতি শিক্ষাৰ্থী মধুম্মিতা তালুকদাৰে প্ৰমাণ কৰি দেখুৱালে যে চেষ্টা কৰিলে অসাধ্য বুলি একো নাই। ২০২৪চনৰ IIT জে ই ই মেইনচ পৰীক্ষাত ছাত্ৰী বিভাগত দেশৰ ছাত্ৰীসকলৰ ভিতৰত Utpal স্থান দখল কৰিবলৈ সক্ষম হৈছে কৃতি শিক্ষাৰ্থী মধুস্মিতাই।২০২৪চনৰ জে ই ই মেইনচ পৰীক্ষাত মধুস্মিতাই ২৯০মাৰ্কসহ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। মধুস্মিতাৰ পিতৃও শিক্ষাৰ ক্ষেত্ৰখনত এটি উজ্বল নক্ষত্ৰ। বহৰি সুযোগ্য সন্তান তথা ১৯৮৬চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰা ড০ প্ৰশান্ত কুমাৰ তালুকদাৰৰ প্ৰথমা কন্যা মধুস্মিতা।মধুস্মিতাৰ এই সাফল্যৰ খবৰ পোৱাৰ পাছতে উৎফুল্লিত হৈ পৰিছে বহৰিৰ জনতা। সমগ্ৰ অসমবাসীয়ে মধুস্মিতাৰ এই সাফল্যৰ বাবে অভিনন্দন জনাইছে। উল্লেখ কৰা প্ৰয়োজন যে ২০২৪ চনৰ এই পৰীক্ষাত সমগ্ৰ দেশৰ ১২লাখ ৩১হাজাৰ ৮১৭ লাখ শিক্ষাৰ্থীয়ে আবেদন কৰিছিল। কিন্তু এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল ১১লাখ ৭০হাজৰ ৩৬গৰাকী শিক্ষাৰ্থী।ইয়াৰ সৰহ সংখ্যক শিক্ষাৰ্থী আছিল মহাৰাষ্ট্ৰ, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ।২০২৪ চনৰ জে ই ই মেইনচ পৰীক্ষাত ছাত্ৰীৰ সংখ্যা আছিল প্ৰায় ৩৩শতাংশ।২০২৩ চনত এই সংখ্যা আছিল ৩০.৮শতাংশ। নেচনেল টেন্সিং এজেঞ্চীয়ে পৰিচালনা কৰা এই গুৰুত্বপূৰ্ণ তথা অতি কঠিন পৰীক্ষাটোত ছাত্ৰীৰ বিভাগত অসম কন্যা মধুস্মিতাৰ এই সফলতা সচাঁকৈয়ে প্ৰশংসনীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.