ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু

Share This Article

ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণত অঘটন। ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু। বোকাখাতৰ মিলনপুৰৰ ৰামেশ্বৰ ৰবি দাসৰ মৃত্যু। ৰামেশ্বৰ ৰবি দাসৰ গাৰ ওপৰেৰে লৈ যায় ৰাষ্ট্ৰপতিগৰাকীৰ কনভয়ৰ ৩ খনকৈ বাহন। উল্লেখ্য যে, আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অসম ভ্ৰমণৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। পুৱাই তেজপুৰ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰাৰ পাছতেই ৰাষ্ট্ৰপতিগৰাকী ৰাওনা হয় কাজিৰঙালৈ। কাজিৰঙালৈ যোৱাৰ পথতেই হয় এই ভয়াবহ দুৰ্ঘটনা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.