সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা ভেকছিন: আমেৰিকাৰ তথ্য চুৰি কৰিছে কোনে?

আমেৰিকাৰ ক’ৰোনা ভেকছিন সম্পৰ্কীয় গৱেষণাৰ তথ্য চুৰি কৰিবলৈ চেষ্টা চলাইছে চীনে৷ হেকাৰৰ জড়িয়তে চীনে এই চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই৷ আজি ‘নিউয়ৰ্ক টাইমছ’ কাকতত প্ৰকাশিত খবৰ অনুসৰি আমেৰিকান চোৰাংছোৱা সংস্থা এফ বি আই আৰু দেশখনৰ আভ্যন্তৰীন নিৰাপত্তা আৰু পৰিকল্পনা বিভাগে শীঘ্ৰে চীনক সকীয়নি দি আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিব৷ প্ৰকাশিত খবৰ অনুসৰি ,অমেৰিকাত অব্যাহত থকা গৱেষণাৰ তথ্য আৰু বৌদ্ধিক সম্পত্তি শেহতীয়াকৈ হেকাৰৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে৷ ইয়াৰ বাবে আমেৰিকাই পোনপটীয়াকৈ চীনক জগৰীয়া কৰিছে৷ অৱশ্যে আমেৰিকাৰ এই অভিযোগ খাৰিজ কৰিছে চীনে৷ দেশখনৰ বিদেশ মন্ত্ৰী ঝাও লিজিয়ানে কয় যে ক’ৰোনাৰ চিকিৎসা আৰু ভেকছিনৰ গৱেষণাৰ ক্ষেত্ৰত চীনে এতিয়া সমগ্ৰ বিশ্বক নেতৃত্ব দিছে ৷ এনে প্ৰেক্ষাপটত আমেৰিকাই উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু তাৰ কোনো প্ৰমান আমেৰিকাই দিব পৰা নাই৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.