সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কিয় বাজিছে তৃতীয় বিশ্বযুদ্ধৰ দামামা ?

তৃতীয় বিশ্বযুদ্ধৰ দামামা বাজিছে বিশ্বত ৷ যিকোনো মুহূৰ্ততে ৰাছিয়াই আক্ৰমণ কৰিব পাৰে ইউৰোপ ৷ ইউক্ৰেইন সীমান্তত ৰুছ সেনাৰ তৎপৰতাই তাৰেই আগজাননী বহন কৰিছে ৷ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ব্লাডিমিৰ পুটিনে যুদ্ধ নিবিচাৰে বুলি ঘোষণা কৰিছে যদিও আমেৰিকা আৰু ইউৰোপে এই কথা বিশ্বাস কৰিব পৰা নাই ৷ কাজেই এতিয়া তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে ৰাছিয়া আৰু ইউক্ৰেইন সীমান্তত ৷ বিশ্বত আন এক যুদ্ধৰ সূচনা হ;ব নেকি ?
জানুৱাৰী মাহৰ শেষ সপ্তাহৰ কথা ৷ ৰাছিয়াই ইউক্ৰেইন সীমান্তলৈ প্ৰেৰণ কৰিবলৈ ধৰে অস্ত্ৰ – শস্ত্ৰৰে সজ্জিত প্ৰায় এক লাখ সেনা ৷ ৰাছিয়াই যুদ্ধৰ সম্ভাৱনা অস্বীকাৰ কৰি থাকিলেও আমেৰিকা , ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াই নিজ দেশৰ নাগৰিকসকলক ইউক্ৰেইণ ত্যাগ কৰাৰ পৰামৰ্শ দিয়ে ৷ ফ্ৰান্সৰ পৰাও ইউক্ৰেইণ ভ্ৰমণ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰা হয় ৷ ইপিনে ৰাছিয়াই ইউৰোপলৈ তেল অৰু গেছৰ যোগান হ্ৰাসকৰি অনাত ইউৰোপত ব্যাপক সংকটৰ সৃষ্টি হৈছে ৷ পৰিস্থিতিৰ ইমানেই অৱনতি ঘটিছে যে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে বিবিচিক দিয়া এক সাক্ষাৎকাৰত উল্লেখ কৰিছে যে ৰাছিয়াই ইউৰোপত ১৯৪৫ ৰ পাছত আটাইতকৈ ডাঙৰ যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ বৰিছ জনছনৰ মতে ৰাছিয়াই ইউক্ৰেইনত আক্ৰমনৰ বাবে এনে ৰণনীতি প্ৰস্তুত কৰিছে যাৰ আধাৰত ইউক্ৰেইনৰ ৰাজধানী কীৱত প্ৰথমতে কব্জা কৰিব পাৰে ৷ ইয়াৰ ফলত বহু লোকৰ প্ৰণহানিৰ শংকাও ব্যক্ত কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে আমেৰিকাই সদৰী কৰা তথ্য অনুযায়ী ৰাছিয়াই ইউক্ৰেইন সীমান্তত ১ লাখ ৬৯ হাজাৰৰ পৰা ১ লাখ ৯০ হাজাৰ সেনা নিয়োগ কৰিছে ৷ এই বিশাল সেনাবাহিনীয়ে বেলাৰুছতো অৱস্থান গ্ৰহণ কৰি ইউক্ৰেইন আক্ৰমণৰ পৰিকল্পনা সাজু কৰিছে ৷ইয়াৰ বিপৰীতে ৰাছিয়াৰ তৰফৰ পৰা কোৱা হৈছে যে তেওলোকে কেৱল সামৰিক অনুশীলনহে কৰি আছে ৷ কিন্তু ৰাছিয়াক বিশ্বাসত ল’ব পৰা নাই ব্ৰিটেইন আৰু আমেৰিকাই ৷যুদ্ধক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কৈছে যে অহা কেইটামান সপ্তাহৰ ভিতৰতে ৰাছিয়াৰ সেনাই ইউক্ৰেইনত আক্ৰমণ সংঘটিত কৰিব ৷ ইতিমধ্যে ইউক্ৰেইনৰ পূৱ প্ৰান্তৰ চহৰ ডোনটষ্কত এটা অসমাৰিক কনভয়ৰ ওপৰত আক্ৰমণ চলাইছে ৰুছ বিদ্ৰোহীয়ে ৷ তাৰ পাছতে পূৱ ইউক্ৰেইনৰ পৰা হাজাৰ হাজাৰ লোকে পলায়ন কৰিবলৈ আৰম্ভ কৰিছে ৷ প্ৰায় তিনি লাখ লোকৰ পলায়নৰ সম্ভাৱনা ব্যক্ত কৰিছে চোৰাংছোৱা সংস্থাসমূহে ৷ পলায়ন আৰম্ভ হোৱাৰ পাছতে ৰাছিয়াই নিজৰ অঞ্চলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷ অৱশ্যে নিজৰ লোকসকলক দেশলৈ ওভতাই আনিবৰ বাবে ৪০০ সৈনিক আৰু ১৫০ গাড়ীৰো ব্যৱস্থা কৰিছে ৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৰুছ বিদ্ৰোহীয়ে এতিয়ালৈকে ইউক্ৰেইনৰ সেনাৰ ২৪ টা ঠিকনাত আক্ৰমণ সংঘটিত কৰিছে ৷ স্কুলো বাছি যোৱা নাই বিদ্ৰোহীৰ লক্ষ্যৰ পৰা ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কনীয়ে এক আবেগিক ভাষণত উল্লেখ কৰিছে যে ইউক্ৰেইনৰ পৰিস্থিতি মুঠেও ভাল নহয় ৷ পশ্চিমীয়া দেশসমূহে বুজাবুজিৰ বাবে ইউক্ৰেইনক ভৰষা কৰা উচিত ৷ তেও ৰাছিয়াৰ লগত আলোচনাৰ বাবে সাজু বুলি কৈও পশ্চিমৰ দেশসমূহক ৰাছিয়াৰ ওপৰত তৎকালে প্ৰতিবন্ধকতা আৰোপ কৰাৰ আহ্বান জনাইছে ৷ এই আহ্বান ভাবুকিৰ মাজতে ৰাছিয়াই নিউক্লিয়াৰ মিছাইল সাজু কৰি আন এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ এতিয়া আপুনি ভাবিব পাৰে যে কিয় ইউক্ৰেইন আক্ৰমণ কৰিবলৈ সাজু হৈছে ৰাছিয়া ৷ আচলতে ৰাছিয়াৰ এটা দাবী আছিল যে ইউক্ৰেইন আৰু অন্য পূৱ প্ৰান্তৰ ছোভিয়েট দেশক আটলান্টিক সন্ধি সংগঠন চমুকৈ নাটোৰ পৰা আঁতৰত ৰাখিব লাগে আৰু সীমান্তৰ পৰা সেনা প্ৰত্যহাৰ কৰিব লাগে ৷ এই বিষয়ত ৰাজনৈতিক বাৰ্তালাপ বিফল হোৱাৰ পাছতে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ প্ৰস্তুতি আৰম্ভ কৰে ৷ ইয়াৰ লগে লগে সহযোগী দেশ ইউক্ৰেইনৰ বিপদক লৈ সতৰ্ক হৈ পৰে আমেৰিকা ৷ পৰিৱৰ্তিত পৰিস্থিতিয়ে কি ৰূপ লয় , সেয়া আমি জনাই যাম আমাৰ এই বিশেষ প্ৰতিবেদনৰ জড়িয়তে ৷

- Donation -

Leave A Reply

Your email address will not be published.