আকৌ জে’ললৈ যোৱাৰ পূৰ্বে কি কৈ গ’ল লালু প্ৰসাদ যাদৱে?

Share This Article

পুনৰ ৫ বছৰৰ বাবে কাৰাগাৰলৈ যাব লালু প্ৰসাদ যাদব৷ফুডাৰ স্কেমৰ পঞ্চমটো গোচৰত ১৫ ফেব্ৰ্ৰুৱাৰীত লালু প্ৰসাদ যাদবক দোষী সাব্যস্ত কৰিছিল চিবিআইৰ আদালতে৷আজি এচ কে শশী বিচাৰপিঠে ঘোষণা কৰিলে লালু যাদবৰ শাস্তি৷লালু যাদব ৫ বছৰৰ বাবে আকৌ যাব লাগিব কাৰাগাৰলৈ৷ভৰিব লাগিব ৬০ লাখ টকাৰ জৰিমনা৷পুনৰ কাৰাবন্দীৰ বাতৰি লাভ কৰাৰ পিছতেই লালু প্ৰসাদ যাদবৰ ব্লাড চুগাৰ বৃদ্ধি পালে ১৬০ লৈ৷ব্লাড প্ৰেচাৰ বৃদ্ধি পালে সব্বোর্চ ১৫০ লৈ৷ডাক্তৰৰ ঘোষণা,বিগত নিশাটো গভীৰ দুচিন্তাত কটাইছিল লালু প্ৰসাদ যাদবে৷সেই প্ৰেচাৰ আৰু চুগাৰ অনিয়ন্ত্ৰিত হৈ পৰিছে লালুৰ?আনহাতে পূৱাৰ পৰা এবাৰো কোঠাৰ বাহিৰলৈ অহা নাই লালু যাদব৷লালু যাদবৰ কেলেংকাৰী, আদালতৰ ৰায়,লালুৰ শেহতীয়া খবৰৰ ওপৰিও আমি জনাম,পুনৰ বাৰ কাৰাগাৰলৈ যোৱাৰ পূর্বে কি দুটা কথা কৈ গ’ল লালু প্ৰসাদ যাদবে৷
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদব দোষী সাব্যস্ত হৈছে পঞ্চমটো কেলেংকাৰিৰ গোচৰত৷চিবিআইৰ এখন বিশেষ আদালতে বিগত ১৫ ফেব্ৰুৱাৰীত আন ৭৪ গৰাকী অভিযুক্তসহ লালু প্ৰসাদ যাদবক দোষী সাব্যস্ত কৰিছিল ১৯৯৫ চনৰ এটা কেলেংকাৰিৰ গোচৰত৷আদালতে ১৯৯৫ চনৰ দাৰন্দা কোষাগাৰৰ ১৩৯.৩৫ কোটি টকাৰ আত্মসাৎৰ ঘটনা দোষী সাব্যস্ত কৰিছিল লালু প্ৰসাদ যাদবক৷আদালতে দোষী সাব্যস্ত কৰা ৭৫ জন অভিযুক্তৰ ভিতৰত ৩৪ জনক ৩ বছৰ পযর্ন্ত কাৰাদণ্ড আৰু ২০ হাজাৰৰ পৰা ২ লাখ টকা পর্যন্ত জৰিমনা ঘোষনা কৰে৷অন্যহাতে,লালু প্ৰসাদ যাদবসহ ৪১ জন অভিযুক্তৰ শাস্তি ঘোষনা ২১ ফেব্ৰুৱাৰীত হব বুলি ঘোষনা কৰে আদালতে৷
লালু প্ৰসাদ যাদব ইতিমধ্যে দোষী সাব্যস্ত হৈছে পূর্বৰ চাৰিটা গোচৰত৷বিহাৰৰ মুখ্যমন্ত্ৰীজন পশুখাদ্য কেলেংকাৰি সম্পর্কীয় এটা গোচৰত প্ৰথমবাৰলৈ দোষী সাব্যস্ত হৈছিল ২০১৩ চনত৷সেই গোচৰত ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষনা হৈছিল লালুৰ বিৰুদ্ধে৷দিতীয়বাৰলৈ ২০১৭ চনৰ ২৩ ডিচেম্বৰত চিবিআইৰ বিশেষ আদালতে ৮০ লাখ টকা আত্মসাৎৰ কেলেংকাৰিত দোষী সাব্যস্ত কৰে লালু প্ৰসাদ যাদবক৷সেইবাৰ তিনিবছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষনা হয় লালুৰ বিৰুদ্ধে৷২০১৮ চনৰ ২৪ জানুৱাৰীত লালু প্ৰসাদ যাদব দোষী সাব্যস্ত হয় তৃতীয়টো কেলেংকাৰিত৷একেদৰে চতুর্থটো কেলেংকাৰিত লালু প্ৰসাদ যাদব দোষীসাব্যস্ত হয় ২০১৮ চনৰ চাৰি মার্চত৷
১৫ ফেব্ৰুৱাৰীত চিবিআইৰ বিশেষ আদালতে পঞ্চমটো গোচৰত দোষী সাব্যস্ত কৰাৰ পিছতেই লালুৰ সাম্ভাব্য শাস্তিক লৈ আৰম্ভ হৈছিল ব্যাপক চর্চা৷লালু প্ৰসাদৰ যাদবৰ শাৰিৰীক অসুস্থাৰ প্ৰতি লক্ষ্য কৰি বহুতেই ভাবিছিল,এইবাৰ কাৰাবন্দীত্বৰ শাস্তি নহব পাৰে লালুৰ৷কিন্তু আজি আদালতে দিলে ৰায়,শাস্তি৷লালু যাদব ৫ বছৰৰ বাবে আকৌ যাব লাগিব কাৰাগাৰলৈ৷ভৰিব লাগিব ৬০ লাখ টকাৰ জৰিমনা৷
শাস্তিৰ ঘোষনাৰ বাতৰি পোৱাৰ পিছতেই অধীক অসুষ্ঠ হৈ পৰিছে লালু যাদব৷আদালত শাস্তিৰ ঘোষনাক লৈ বিগত নিশাৰ পৰা গভীৰ চিন্তিত হৈ আছিল লালু প্ৰসাদ যাদব৷ডাক্টৰৰ ভাষ্য,ইতিমধ্যে কিডনীৰ ৰোগত আক্ৰান্ত হৈ আছে লালু যাদব৷আজি এই বাতৰি লাভ কৰাৰ পিছত ব্লাড চুগাৰ আৰু ব্লাড চুগাৰ বৃদ্ধি পোৱাৰ পিছত অনিয়ন্ত্ৰিত হৈ পৰিছে লালুৰ শাৰিৰীক ক্ৰিয়া প্ৰক্ৰিয়া৷আনহাতে খবৰটো লাভ কৰাৰ পিছত কোঠাৰ বাহিৰলৈ এবাৰো ওলাই অহা নাই লালু প্ৰসাদ যাদব৷কিন্তু তাৰমাজতে দুটাকৈ টুইট কৰি মনৰ বক্তব্য প্ৰকাশ কৰিছে লালু প্ৰসাদ যাদবে৷এটা টুইটত লালু যাদবে লিখিছে,
অন্যায় বৈষম্যৰ সতে
একনায়কত্ববাদত পিৰীতৰ সতে
যুজি আছো, যুজি যাম চকুত চকু থৈ৷
সত্যই যাৰ শক্তি
লগত আছে জনতা যাৰ
লোৰ শত্ৰুয়ে মোহাৰিব
কিদৰে সাহস তাৰ।।
আন এটা টুইট কৰি লালু যাদবে লিখিছে,
মই তেওঁৰ সতে যুজোঁ যিয়ে জনতাক নিজৰ মাজতেই যুঁজাই
তেওঁক পৰাজিত কৰিব নোৱাৰে
সেয়েহে ষড়যন্ত্ৰ কৰে।
না ভয় কৰিছো, না শিৰণত কৰিছো
সদায় যুঁজিছো, যুঁজিয়েই থাকিম।
যুঁজাৰুৰ সংঘৰ্ষ কাপুৰুষে না বুজিছিল, না বুজিব৷
৷লালু যাদব পুনৰ জেললৈ ৫ বছৰৰ বাবে৷কিন্তু ৫ বছৰৰ পিছত কি হব?কাৰণ ইয়াৰ পিছতো লালু প্ৰসাদৰ যাদবৰ ৬ নম্বৰটো কেলেংকাৰিৰ ৰায় দিবলৈ বাকীয়েই আছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.