সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমৰ যুৱক-যুৱতীক নে উত্তৰ প্ৰদেশ-হাৰিয়ানাৰ নিবনুৱাক এক লাখ চাকৰি দিব হিমন্ত বিশ্ব শর্মাই?

বিদ্যালয়ৰ কণ কণ শিশুক পঢ়ুৱাব নোৱাৰে অসমৰ শিক্ষকে৷সেইবাবেই নিযুক্তি উত্তৰ প্ৰদেশৰ শিক্ষকক৷সেই বিতর্ক মাৰ নাযাওতেই পোহৰলৈ আহিছে বহিৰাগতক নিযুক্তিৰ আন এক তথ্য৷আজিৰ অসমীয়া প্ৰতিদিনৰ এক বাতৰি অনুসৰি, গুৱাহাটীৰ বেলতলাত থকা কৰ্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসালয়ত নিযুক্তি দিয়া হৈছে অসমীয়া নজনা ৭৩ গৰাকী বহিৰাজ্যৰ কর্মচাৰীক। কেন্দ্রীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনৰ এই চিকিৎসালয়খনত থলুৱা শিক্ষিত নিবনুৱাক বঞ্চিত কৰি অতি সংগোপনে নিযুক্তি দিয়া হৈছে বহিঃৰাজ্যৰ ৭৩ গৰাকী প্ৰাৰ্থীক। ২৮ গৰাকী ফার্মাচিষ্ট, ২০ গৰাকী নাৰ্ছ, ১০ গৰাকী মাল্টি টাস্ক ছাৰ্ভিচৰ লগতে আন কেইবাটাও পদত নিযুক্তি লাভ কৰিছে ৰাজস্থান, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ প্ৰাৰ্থীয়ে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলতই এই আই চিৰ অধীনত ২০ খনৰো অধিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ অচিলাৰে বহিঃৰাজ্যৰ যুৱক-যুৱতীৰ দলটোক বেলতলাৰ আদর্শ চিকিৎসালয়ত নিযুক্তি দিয়া হয়। কিন্তু আশ্চর্যজনক কথাটো এয়ে যে আজিপর্যন্ত ইয়াৰে এখনো স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই। ৰাজ্যখনৰ ধুবুৰী, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, নুমলীগড়, যোৰহাট, তিনিচুকীয়া, নগাঁও, মেঘালয়ৰ বৰ্ণিহাট শিলণ্ডৰ লগতে মিজোৰাম, নাগালেণ্ডসহ উত্তৰ-পূৰ্বাঞ্চলত এই স্বাস্থ্য কেন্দ্ৰকেইখন নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল কেন্দ্রীয় চৰকাৰে। পিচে স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম-কাজ আৰম্ভ নৌহওঁতেই ই এছ আই চিৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ৰ অসমবিৰোধী চক্ৰই বহিঃৰাজ্যৰ যুৱক-যুৱতীৰ দলটোক বেলতলাস্থিত হাস্পতালখনত নিযুক্তি দিয়ে। অস্থায়ীভাবে নিযুক্তি লাভ কৰা এইসকল প্ৰাৰ্থীৰ চাকৰি নিয়মীয়াকৰণৰ যাবতীয় কাম-কাজ দিল্লীৰ মুখ্য কাৰ্যালয় আৰু গুৱাহাটীৰ বামুণীমেদামস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ অসমবিৰোধী চক্ৰই প্ৰায় সম্পূর্ণ কৰি তুলিছে। কিছুদিনৰ ভিতৰতে এইসকল প্ৰাৰ্থীৰ চাকৰি নিয়মীয়া হ’ব।
পাপন জুবিনৰ মাতৃভূমিৰ মেধাসম্পন্ন যুবক যুৱতীক বঞ্চনাৰ এইয়াই প্ৰথম উদাহৰণ নহয়৷শেহতীয়াকৈ অসমৰ বিদ্যালয়ত অ আ ক খ শিকাবলৈ বর্হিৰাজ্যৰ পৰা হিন্দিভাষী শিক্ষকক আমদানি কৰি আন এক বির্তকৰ সৃষ্টি কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷তিনিচুকীয়া আৰু শোনিতপুৰত ৬ গৰাকীকৈ উত্তৰ প্ৰদেশ আাৰু হাৰিয়ানাৰ হিন্দিভাষী শিক্ষকক নিযুক্তি প্ৰদান কৰিছে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে৷হাৰিয়ানাৰ সন্দীপ চন্দাৰ আৰু উত্তৰ প্ৰদেশৰ কৃষ্ণন কুমাৰ নামৰ দুজনকৈ প্ৰার্থীক তিনিচুকীয়াৰ কাকপথাৰৰ দুখনকৈ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিছে শিক্ষাবিভাগে৷অন্যহাতে হাৰিয়ানাৰ আন এজন প্ৰার্থীক শোনিতপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিছে শিক্ষাবিভাগে৷অসমীয়া প্ৰতিদিন কাকতৰ বাতৰি অনুসৰি এনেদৰে ৬ জন হিন্দিভাষী অসমীয়া নজনা বর্হিৰাজ্যৰ ৬ গৰাকী শিক্ষকক ১৮ জানুৱাৰীত নিযুক্তি প্ৰদান কৰে প্ৰাথমিক শিক্ষা সঞ্চালকে৷বিষয়টোক লৈ বিতর্ক অব্যাহত থকাৰ মাজতেই শিক্ষামন্ত্ৰীৰ ঘোষনা-সেইয়া বর্হিৰাজ্যৰ প্ৰার্থীৰ সাংবিধানিক অধিকাৰ৷কিন্তু অসমীয়া ভাষাৰ সম্যক জ্ঞান নথকা হিন্দিভাষী শিক্ষকে প্ৰাথমিক বিদ্যালয়ৰ কণকণ শিক্ষার্থীক অ আ ক খ শিকাব কেনেকৈ?সেই উত্তৰ দিয়া নাই শিক্ষা বিভাগে৷
এইয়া উদাহৰণহে৷পাপন জুবিনৰ অনুজ অগ্ৰজক বঞ্চনা কৰি বর্হিৰাজ্যৰ প্ৰার্থীক ৰঙা দলিচা পাৰি দিয়া আন এক উদাহৰণ ব্ৰহ্মপুত্ৰ ফার্টিলাইজাৰ৷শেহতীয়াকৈ উত্থাপন হোৱা এক অভিযোগ অনুসৰি ব্ৰহ্মপুত্ৰ ফার্টিলাইজাৰৰ ৯ টা পদৰ ৬৩ গৰাকী প্ৰার্থীৰ ভিতৰত ৬০ গৰাকীয়েই বর্হিৰাজ্যৰ৷ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কৰ্প’ৰেচন লিমিটেডৰ নামৰূপ কাৰ্যালয়ে যোৱা ২০২১ বৰ্ষৰ ২ নৱেম্বৰত মুঠ ৯ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। কেন্দ্রীয় চৰকাৰৰ অংশীদাৰিত্বপ্রাপ্ত প্রতিষ্ঠানটোৰ নামৰূপ কাৰ্যালয়ে উপ-মহাপ্ৰবন্ধকৰ ১২ টা পদ, কোম্পানী সচিবৰ ১ টা পদ, বিত্তীয় পৰিচালকৰ ১ টা পদ, উপ বিত্তীয় পৰিচালকৰ ১ টা পদ আৰু গাণনিক বিষয়াৰ ৪ টা পদৰ নিযুক্তিৰ বিজ্ঞাপন দিছিল। কিন্তু অতি আশ্চর্যজনকভাৱে আটাইকেইটা পদতে পৰীক্ষাৰ বাবে বহিঃৰাজ্যৰ যুৱক-যুৱতীক অগ্ৰাধিকাৰ দিয়া হল৷কাৰণ ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰে যোৱা ১৬ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা শ্ৰটলিষ্ট’ত নাই এক শতাংশও অসমীয়া প্ৰাৰ্থীৰ নাম। কোম্পানী সচিবৰ এটা পদৰ বাবে আমন্ত্ৰন জনোৱা ১৯ জন ব্যক্তিৰত ভিতৰত এজন মাত্ৰ অসমীয়া প্রার্থী। একেদৰে গাণনিক বিষয়াৰ ২ টা পদৰ বাবে ১২ জন ব্যক্তিক আমন্ত্রণ জনাইছে৷কিন্তু এইসকলৰ মাজতো মাত্ৰ এজনেই অসমীয়া। বিত্তীয় পৰিচালকৰ ৭ জনৰ ভিতৰত এজনো নাই অসমীয়া। ঠিক তেনেদৰে উপ-বিত্তীয় পৰিচালক পদৰ ৬ জনৰ ভিতৰতো এজনো অসমীয়া প্রার্থী নাই।অর্থাৎ ১ টা পদৰ বিপৰীতে পৰীক্ষাৰ বাবে আমন্ত্রিত হোৱা মুঠ ৬৩ জন প্ৰাৰ্থীৰ ভিতৰত মাত্র ৩ জন অসমীয়া প্রার্থী। বাকী ৬০ জনেই বহিৰাগত অনা অসমীয়া প্রার্থী।এই অভিযোগ দুর্নীতি বিৰোধী যুৱ শক্তিৰ৷
হিন্দিভাষী বহিৰাজ্যৰ কর্মচাৰীক অসমৰ চিকিৎসালয়ত নিযুক্তি৷অভিযোগ উত্থাপন হৈছে,চিকিৎসাসেৱাৰ পৰা বঞ্চিত হৈছে হিন্দি কব নজনা স্থানীয় লোক৷হিন্দীভাষী শিক্ষকক অসমৰ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি,কি পঢ়াব কণ কণ শিক্ষার্থীক৷কন কন শিক্ষার্থীৰ ভৱিষ্যতক লৈ হেতালী খেলা নাইনে?সমান্তৰালভাবে এটা প্ৰশ্ন উত্থাপন হৈছে,২০১৬ চনত অসম বিজেপিয়ে কোৱা পাপন জুবিনৰ মাতৃভূমিৰ ২৩ লাখ মেধা সম্পন্ন নিবনুৱা কলৈ গ’ল?তেওলোকক বঞ্চনা কৰি কিয় অসমৰ নিযুক্তি ক্ষেত্ৰত ৰঙা দলিচা পাৰি দিয়া হৈছে উত্তৰ প্ৰদেশ , হাৰিয়ানাৰ দৰে বর্হিৰাজ্যৰ প্ৰার্থীক?শাসনলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কৈছিল এবছৰত গণি গণি চাকৰি দিয়া হব ১ লাখ লোকক৷শিক্ষাবিভাগত ৬,বেলতলাৰ চিকিৎসালয়ত ৭৩ আৰু ব্ৰহ্মপুত্ৰ ফার্টিলাইজাৰত ৬০৷এনেদৰেই চলিছে নেকি এতিয়া হিমন্ত বিশ্ব শর্মাৰ গননা?

- Donation -

Leave A Reply

Your email address will not be published.