অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ
২০০৩ চনৰ কথা৷ ভয়ংকৰ সাম্প্ৰদায়িক হিংসাই গুজৰাট ৰক্তাক্ত কৰি তুলিলে৷ মানৱতাৰ বধ্যভূমিত পৰিণত হ’ল মহাত্মা গান্ধীৰ গৃহৰাজ্য গুজৰাট৷ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰিচিত হৈ পৰিল নৃশংস শাসকৰ ৰূপত৷ সেই ঘাতকৰ ভাৱমূৰ্তি আঁতৰাবলৈ এক নতুন পৰিকল্পনা ৰচনা কৰা হ’ল৷ ২০০৩ চনত আয়োজন কৰা হ’ল ভাইব্ৰেণ্ট গুজৰাটৰ৷ এজন সাম্প্ৰদায়িক ব্যক্তিৰ পৰা উন্নয়ণৰ প্ৰতি উৎসৰ্গিত ব্যক্তিৰ ভাৱমূৰ্তি তৈয়াৰ কৰাৰ প্ৰস্তুতি চলিল৷ এই চামিটলৈ দেশৰ আগশাৰীৰ উদ্যোগপতিসকলক নিমন্ত্ৰণ জনোৱা হ’ল৷ সকলোৰে চকু আছিল আম্বানীৰ ওপৰত৷ কিন্তু উপস্থিত সকলোকে আচৰিত কৰি গৌতম আদানিয়ে গুজৰাটত ১৫ হাজাৰ কোটি বিনিয়োগ কৰিব বুলি ঘোষণা কৰি দিলে৷ সেয়াই আৰম্ভণি৷ তাৰ পাছত এটা দশকত গৌতম আদানিৰ কোম্পানীৰ বছৰি টাৰ্ণ অভাৰ ৩,৩০০ কোটিৰ পৰা ২০১৩ চনত ৪৭ হাজাৰ কোটিলৈ বৃদ্ধি পালে৷ ২০১৪ চনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল৷ ৰকেটৰ গতিত উত্থাণ ঘটিল আদানিৰ ৷মোদীৰ কাৰ্যকালত আদানি হৈ পৰিল এছিয়াৰ আটাইটকৈ ধনী ব্যক্তি৷ বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপেও পৰিগণিত হ’ল গৌতম আদানি৷ প্ৰধানমন্ত্ৰী হৈ মোদী য’লৈকে গ’ল, সেই দেশতেই আদানিৰ ব্যৱসায় বিস্তাৰ হ’ল৷ নিজৰ দেশততো কথাই নাই৷ বিমানবন্দৰৰ পৰা জাহাজ বন্দৰলৈ, চিমেণ্ট ফেক্টৰীৰ পৰা কয়লাখনিলৈ, অস্ত্ৰৰ ব্যৱসায়ৰ পৰা সৌৰশক্তিলৈ–সকলো খণ্ডতে আৰম্ভ হ’ল আদানিৰ একাধিকাৰ৷ কিন্তু আদানিৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধি ভাৰতৰ বাবে বিশেষ সমৃদ্ধিৰ কাৰণ হৈ নুঠিল৷ গৌতম আদানিৰ কাৰ্যকলাপৰ আচল স্বৰূপ পোহৰলৈ আহিবলৈ ধৰিলে ২০২৩ চনৰ পৰা৷ ২০২৩ চনত আমেৰিকান সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে প্ৰকাশ কৰিলে আদানি গ্ৰুপৰ শ্বেয়াৰ জালিয়াতিৰ বিস্তৃত প্ৰতিবেদন৷ চৌদিশে হৈ চৈ লাগিল৷ যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্তৰ দাবী উঠিল৷ সংসদ অচল হৈ পৰিল৷ কিন্তু কোনো তদন্তৰ পৰা বিৰত থাকিল মোদী চৰকাৰ৷ তাৰ পাছত নিৰ্বাচন আহিল৷ আকৌ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ আসনত বহিল৷ এইবাৰ আদানিৰ বিৰুদ্ধে উত্থাপন হৈছে পূৰ্বতকৈও গুৰুতৰ অভিযোগ৷ অভিযোগ আমেৰিকাৰ আদালতত দাখিল কৰিছে খোদ আমেৰিকাৰ অনুসন্ধানকাৰী সংস্থাই৷ অভিযোগ অনুসৰি, আদানিয়ে নিজৰ প্ৰকল্পত উৎপাদিত সৌৰশক্তি অধিক দামত ক্ৰয় কৰিবলৈ বিভিন্ন ৰাজ্য চৰকাৰৰ মুৰব্বীক উৎকোচ দিছিল৷ এই অভিযোগ পোৱাৰ পাছতেই সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ ভাৱমূৰ্তিত কালিমা লাগিল৷ কেনিয়া, বাংলাদেশ, শ্ৰীলংকা, অষ্ট্ৰেলিয়া আদিত আদানিয়ে কিদৰে ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰ কৰিছিল, সেয়াও গভীৰ প্ৰশ্নৰ সন্মুখলৈ আহি পৰিল৷ কেনিয়াই আদানিৰে হোৱা সকলো ব্যৱসায়িক চুক্তি বাতিল কৰিছে, বাংলাদেশে তদন্তৰ নিৰ্দেশ দিছে, শ্ৰীলংকাই পুনৰ বিবেচনা কৰিছে৷ মুঠতে ভাৰতৰ বাবে এক চৰম অস্বস্তিকৰ পৰিৱেশ৷ কিন্তু আদানিক শাস্তি দিয়াতো দূৰৈৰ কথা, আদানি সন্দৰ্ভত তদন্ত দিবলৈও সন্মত নহয় ভাৰতৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন৷ আদানি কেলেংকাৰীৰ তদন্তৰ দাবীত ক্ৰমাগত চতুৰ্থ দিনৰ বাবে সৰৱ হৈ পৰিল বিৰোধী পক্ষ৷ কিন্তু সদন স্থগিত ৰাখি আদানিৰ কেলেংকাৰী সন্দৰ্ভত জবাবদিহি হোৱাৰ পৰা বিৰত আছে নৰেন্দ্ৰ মোদী চৰকাৰ৷
প্ৰশ্ন হৈছে–আদানিৰ বিৰুদ্ধে তদন্ত দিবলৈ ভয় কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ? আদানিৰ সমৃদ্ধিকে ভাৰতৰ সমৃদ্ধি বুলি বিগত দহ বছৰে প্ৰচাৰ চলোৱা হৈছিল৷ আদানিৰ ব্যৱসায়ৰ উন্নতিকেই ভাৰতৰ উন্নতি বুলি প্ৰদৰ্শন কৰা হৈছিল৷ এতিয়া বিশ্বজুৰি হোৱা আদানিৰ দুৰ্নাম ভাৰতৰ বদনাম নহ’ব কিয়? ২০০৩ চনৰ পৰাই আদানি আৰু নৰেন্দ্ৰ মোদীৰ যাত্ৰা একেলগে আৰম্ভ হৈছিল৷ নৰেন্দ্ৰ মোদী ৰাজনৈতিক পথাৰত যিমানেই শক্তিশালী হৈছিল, সিমানেই ব্যৱসায়িকভাৱে সমৃদ্ধিশালী হৈ গৈছিল৷ ২০১৪ চনৰ পৰাই বন্ধু ব্যৱসায়ীৰ ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে কি কৰা নাই! ভাৰতৰ বৈদেশিক সম্পৰ্কক বন্ধকত দিবলৈও কুণ্ঠাবোধ কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ সেই আদানিৰ ভাগ্য এতিয়া ওলমি আছে আমেৰিকাৰ আদালতত৷ কেৱল আদানি নহয়, আদানিৰ লগত ওলমি আছে নৰেন্দ্ৰ মোদীৰ ভাগ্যও৷ যিদৰে আদানিৰ সৈতে নৰেন্দ্ৰ মোদীৰ উত্থাণৰ যাত্ৰা আৰম্ভ হৈছিল, ঠিক সেইদৰেই আদানিৰ পতনৰ সৈতে মোদীৰ পতনো আৰম্ভ হ’ব নেকি? আদানি এতিয়া নৰেন্দ্ৰ মোদীৰ বাবে সম্পদতকৈ বেছি আপদত পৰিণত হৈছে নেকি? এই প্ৰশ্নও এতিয়া প্ৰাসংগিক হৈ পৰিছে৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post
Next Post