ভূপেন বৰাই এৰিব লাগিব APCCৰ সভাপতি পদ!

Share This Article

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব এৰিব লাগিব নেকি ভূপেন বৰাই? কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এটা সিদ্ধান্তই এই প্ৰশ্ন ৰাজ্যৰ ৰাজনীতিলৈ ঠেলি দিছে। যদি ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰিব লগা হয়, তেতিয়া কোন হ’ব পৰৱৰ্তী প্ৰদেশ কংগ্ৰেছৰ সভাপতি?

শুকুৰবাৰে দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি কংগ্ৰেছে সকলো পৰ্যায়তে সালসলনি কৰিবলৈ সাজু হৈছে। বৈঠকৰ অন্তত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ মন্তব্য, দলটোক শক্তিশালী কৰিবলৈ ওপৰৰ পৰা তললৈ পৰিৱৰ্তনৰ প্ৰয়োজন।

দৰাচলতে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ পৰ্যালোচনা কৰিবলৈ অনুষ্ঠিত হৈছিল এই বৈঠক। কিন্তু কেৱল মহাৰাষ্ট্ৰতেই পৰ্যালোচনা সীমাবদ্ধ নাথাকিল, সেয়া বৈঠকৰ পাছত স্পষ্ট হৈ পৰিছে। এই বৈঠকতে EVM আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰতো আলোচনা কৰে কংগ্ৰেছ নেতৃত্বই। তদুপৰি নিৰ্বাচন আয়োগৰ ভূমিকা আৰু নিৰ্বাচন জয়ৰ কৌশলৰ ওপৰতো কংগ্ৰেছৰ সৰ্বোচ্চ সমিতিখনে আলোচনা কৰা বুলি জানিব পৰা গৈছে।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় – নিৰ্বাচনৰ ফলাফলত নিৰাশ হ’ব নালাগে। কিন্তু সমান্তৰালকৈ তেওঁ এই কথাও কয় যে, দলটোক শক্তিশালী কৰিবলৈ ওপৰৰ পৰা তললৈ পৰিৱৰ্তনৰ প্ৰয়োজন। তেওঁ কয়, ‘আমি নিৰ্বাচনী কৌশল উন্নত কৰিব লাগিব, আমাৰ পক্ষত বলা বতাহে আমাক বিজয়ৰ নিশ্চয়তা নিদিয়ে। ইভিএমক লৈ প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, ‘ইভিএম-এ নিৰ্বাচনী প্ৰক্ৰিয়াক সন্দেহজনক কৰি তুলিছে, নিৰ্বাচন আয়োগে মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰিব লাগে।’ মল্লিকাৰ্জুন খাৰ্গেই লগতে কয়, কোনো পৰিসংখ্যাই মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক ন্যায্যতা প্ৰদান কৰিব নোৱাৰে। লোকসভা নির্বাচনত মহা বিকাশ আঘাড়ীয়ে যি ধৰণে প্রদর্শন কৰিছিল, সেইদৰে বিধানসভাৰ ফলাফল দেখি বিমোৰত পৰিছে নির্বাচনী বিশ্লেষকসকল।

এই বৈঠকতে কংগ্ৰেছে ৫টা বিশেষ বিষয়ত আলোচনা কৰে। প্ৰথম সংগঠনত পৰিৱৰ্তন অনা, দ্বিতীয়তে কংগ্ৰেছৰ পক্ষত বতাহ বলা মানেই নিৰ্বাচনত জয়ী হোৱাৰ নিশ্চয়তা নোহোৱা, তৃতীয়তে নিৰ্বাচনী কৌশল উন্নত কৰা, চতুৰ্থতে কংগ্ৰেছ কিয় ক্ষমতালৈ আহিব লাগে আৰু পঞ্চমতে, দেশৰ সমস্যাৰ পৰা জনতাৰ দৃষ্টি কাঢ়ি নিয়া বিজেপিৰ কৌশল।
ইয়াৰে চাৰিটা কৌশলেই হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত ল’ব লগীয়া আৰু কাৰ্যকৰী কৰিবলগীয়া সিদ্ধান্ত। কিন্তু ইয়াৰে সংগঠনত ওপৰৰ পৰা তললৈ পৰিৱৰ্তনৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তই এতিয়া ৰাজ্যৰ ৰাজনীতিতো প্ৰভাৱ পেলাব। কিয়নো এই সিদ্ধান্ত কাৰ্যকৰী হ’লে অসম কংগ্ৰেছতো ব্যাপক সাল-সলনি হোৱাৰ সম্ভাৱনা আছে। আনফালে যি উদ্দেশ্যে এই বৈঠক আহ্বান কৰা হৈছিল, সেই উদ্দেশ্যৰ সৈতে মিল খায় অসমৰো পৰিস্থিতি। কিয়নো আটাইকেইটা সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়াই উপ-নিৰ্বাচনত এটাও সমষ্টি দখল কৰিব নোৱাৰিলে কংগ্ৰেছে। ইয়াৰ বাবে জগৰীয়া কোন? যদি ৰাজ্যৰ নিৰ্বাচনৰ ক্ষেত্ৰত পৰাজয় মূৰ পাতি ল’ব লগীয়া হয় তেনেহ’লে পদ্ধতিগতভাৱে সেয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়েই মূৰ পাতি ল’ব লাগিব। আৰু সেই দৃষ্টিৰে চালে সলনি হ’ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা। কিন্তু কোনে ল’ব পৰৱৰ্তী সভাপতিৰ দায়িত্ব? ইয়াৰ পূৰ্বেও কেইবাবাৰো প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাবে গৌৰৱ গগৈৰ নাম চৰ্চিত হৈ আছিল। কিন্তু সাংসদগৰাকীয়ে নিজেই এই দায়িত্ব নলওঁ বুলি প্ৰত্যাখান কৰিছে। তেনেহ’লে কোন হ’ব পৰৱৰ্তী প্ৰদেশ কংগ্ৰেছৰ সভাপতি? সূত্ৰ অনুসৰি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি যদি গৌৰৱ গগৈ নহয়, তেতিয়া বহু কংগ্ৰেছীৰ পছন্দ হ’ব দেবব্ৰত শইকীয়া। আনফালে আন একাংশই আকৌ বিচাৰে ৰকিবুল হুছেইনক। কিন্তু এয়া কেৱল চৰ্চাহে। বাস্তৱত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ’বনে নহয়, বা হ’লেও এওঁলোক সভাপতি হ’বনে নহয়, সেয়া সময়তহে হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.