সময়ে সময়ে সলনি হয় মোদীৰ মুখৰ কথা

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঠিকেই কৈছিল। গণতন্ত্ৰক যদি ৰক্ষা কৰিব লাগে, তেনেহ’লে EVM ৰ সলনি বেলট পেপাৰত ভোট দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ দেশৰ জনসাধাৰণ শিক্ষা-দীক্ষাত বৰ বিশেষ আগবঢ়া নহয়। কিন্তু শিক্ষা-দীক্ষা প্ৰযুক্তিত আগবঢ়া দেশে EVM বাদ দি বেলট পেপাৰত ভোটগ্ৰহণ কৰা আৰম্ভ কৰিছে।

আপোনালোকে নিশ্চয় ভাবিছে, দেশৰ প্ৰধানমন্ত্ৰীয়েই যেতিয়া EVMৰ বিৰোধিতা কৰিছে, তেনেহ’লে এতিয়াও কিয় বেলট পেপাৰত ভোটগ্ৰহণ কৰা হোৱা নাই? কিন্তু ৰ’ব। নৰেন্দ্ৰ মোদীৰ এই মন্তব্য যথেষ্ট পুৰণি। সেয়া আছিল ২০১৪ চনৰ আগৰ কথা। কিন্তু প্ৰধানমন্ত্ৰী হোৱা পাছত নৰেন্দ্ৰ মোদীৰ মন্তব্য EVMক লৈ ওলোটা হৈ গ’ল। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ আন নেতাৰ দৰেই EVMৰ প্ৰবক্তা।

২০১৪ চনৰ পূৰ্বে EVMৰ বিৰোধিতা কৰা নৰেন্দ্ৰ মোদী ভুলে শুদ্ধই ২০১৪ চনৰ পাছত EVMৰ মুখপাত্ৰৰ ৰূপত ঠিয় হ’ল। হয় ভুলে শুদ্ধই এই স্থিতি গ্ৰহণ কৰিছে। ২০১৯ চনৰ এখন জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আমি ১৯৮৪ চনত নিৰ্বাচনত পৰাজিত হওতে কেতিয়াও EVMক দোষ দিয়া নাছিলো। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে ১৯৮২ চনত ভাৰতত প্ৰথম EVM যোগে ভোটগ্ৰহণ হৈছিল যদিও সেয়া কেৰালাতেই সীমাবদ্ধ আছিল। কেৰালাৰ পাৰোৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মাত্ৰ ৫০টা ভোটগ্ৰহণ কেন্দ্ৰতহে ব্যৱহাৰ হৈছিল EVM। ২০০৪ চনৰ পৰাহে দেশজুৰি EVMৰ প্ৰচলন হ’ল। ১৯৮৪ চনত যিহেতু EVMত ভোটগ্ৰহণ হোৱাই নাছিল, তেনেহ’লে বিজেপিয়ে কিয় EVMক দোষাৰোপ কৰিব?

দেখিলে, কেনেকৈ প্ৰধানমন্ত্ৰীৰ স্থিতি সলনি হৈ গ’ল। প্ৰধানমন্ত্ৰীৰ কথাৰেই যদি কওঁ, EVMএ সংবিধানক হত্যা কৰিছে। কিয়নো সংবিধান ৰক্ষাৰ স্বাৰ্থত বেলট পেপাৰত ভোটগ্ৰহণৰ ব্যৱস্থা কৰিব লাগে। মুখৰ কথাৰ মৰ্যাদা ৰাখি পূৰ্বৰ স্থিতিলৈ ঘূৰি আহিবনে নৰেন্দ্ৰ মোদী? নে বেলট পেপাৰৰ দাবীও ১৫ লাখ বেংক একাউণ্টত সোমোৱাৰ দৰে এক জুমলাহে আছিল?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.