সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অনলাইন শিক্ষাব্যৱস্থা বনাম প্ৰগতিশীলতা

প্ৰতিবাদ হব লাগে বেচৰকাৰী কৰন, শিক্ষা সংকোচন , শিক্ষাৰ bureaucratisation শেষ কৰাৰ বাবে ৷ এইবোৰ নকৰি কিছুমানক ফুচুলাই propoganda চলাইছে ৷ সিহতে বুজা উচিত online class শেষ কৰিলেই স্কুল বেছি নহয় বেছি শি্ক্ষক নিযুক্ত নহয় হোষ্টেল নাবাঢ়ে ৷

প্ৰবাল  কুমাৰ কলিতাৰ কলমত- ”অনলাইন শিক্ষাব্যৱস্থা বনাম প্ৰগতিশীলতা”

লেখকঃ প্ৰবাল কুমাৰ কলিতা

 

“টিক টক কৰিব পাৰা, 0nline class কৰিব নোৱাৰা ” -আপাতদৃষ্টিত এই উন্নাসিক ধমকি মধ্যবিত্তিয় সুলভ যদিও আৰু অলপ তীক্ষ্ন দৃষ্টিৰ অভাবে তৎক্ষানাৎ কাৰোবাক পিঠিতমাৰি দিব খোজা ভয়ানক ” মধ্যবিত্ত” বা দুদোল্যমান মধ্যবিত্ত” ধাপ্পাটোৰ ঐতিহাসিক লিপ্সাক লকলকাই দিয়ে ৷ ( গোহাঁই ছাৰক নাম্বুদিৰি পদ হতে মৰা একেই চাপ টো সোৱাৰাই দিলো) l প্ৰতিবাদ দেখিলেই ৰোমান্টিকতাৰ ধৌ বোওৱা পঁয়ত্ৰিশ অনুতীৰ্ণ বামবাদীৰ এই অত্যুৎসাহ অনুমেয় যদিও তাকো আমি তথাপি গদগদ ভাবেই সন্মান জনাও ৷ বিশেষকৈ আবেগখিনিক ৷ “টিকটক কৰিব পাৰা কিন্তু online পঢ়িব নোৱাৰা” এই ধমকিৰ উৎস তাতেই যদিও equality ৰ প্ৰভাবত ই এক হৈ পৰে উন্নাসিকতা বা আৰু অলপ আগবাঢ়ি গৈ Rant l
কিন্তু কথাটো হ’ল বাবু মইনা হতে যে playcard খন লৈ থিয় হৈ আছে বেকগ্ৰাউণ্ডত গৰিবীৰ প্ৰচন্নতা সহ “online class বন্ধ কৰক” বুলি তাৰ ওপৰতহে মুল কথাখিনি কেন্দ্ৰীভুত ৷ কাৰন বাবু মইনা হতৰ লগত কেইজনমান বাবাকো দেখিছো যাৰ হাতত একেই ফেষ্টুন , মধ্যবিত্ত , হয়তে শিক্ষক বা অভিভাবক ৷ লগত কোনোবা অখ্যাত সংগঠনৰ নাম ৷
কথাটো হ’ল এই online progoganda ৰ উৎস কি , কাৰ শ্ৰেণী স্বাৰ্থ পুৰণ কৰিব আৰু যিকেইজন ল’ৰাই ফেষ্টুন লৈ থিয় দিছে সিহতৰ স্বাৰ্থৰ পৰিপন্হী নেকি যিটো মোৰ উন্নাসিক ভাষ্য( বা rant) ৰ উৎস ৷

- Donation -

প্ৰতিনিধিত্বমূলক ছবি

1) তাত ষ্পষ্ট ভাবে লিখা আছে online class বন্ধ কৰক ৷ তাতকৈ তাত লিখা কিয় নহল online class ৰ উপযুক্ত পৰিকাঠামো দিয়ক ৷ মবাইল, নেটৱাৰ্ক আৰু current ৰ সুবিধা দিয়ক ৷ নে এইবোৰ দাবী অবাস্তব বা তুলিবৰ সাহস নাই ৷ নে online class বন্ধ কৰাটো সম্ভব , এক soft target সেই বাবেই তাক লোৱা হ’ল ৷

২) online শিক্ষা ভবিষ্যত ৷ মবাইল বিহীন জীৱন কল্পনা কৰা অসম্ভব ৷ আগৰ দিন ঘুৰাই আনিব নোৱাৰে ৷ online শিক্ষাই দুৰত্বই সৃষ্টি কৰা জ্ঞানৰ প্ৰাচীৰ খন কমাব ৷ online শিক্ষা বন্ধৰ দাবী কিয় ?

3) 0nline শিক্ষা পৰম্পৰাগত শিক্ষাৰ লগত সমান্তৰালকৈ চলক ৷ এটা আনটোৰ পৰিপুৰক ৷ এটাই আনটোক গ্ৰাস নকৰক ৷ দাবীটো হওক এটাৰ বিলুপ্তি ঘটাই আনটো নহয় ৷ দুয়োটাই চলক ৷

4) দুখীয়া বুলি কলে গাওত থকা কেও কিছু নোহোৱা যি অভিধাৰনাটো আগত আনি থিয় কৰাই দিয়া হয় ( সত্যজিত ৰায়ৰ চিনেমাৰ দৰে) ই মধ্যবিত্তিয় সাধাৰনীকৰন ৷ চহৰ আৰু মফছলৰ দুখীয়াক ই আতৰাই ৰাখে ৷ online শিক্ষাৰ প্ৰতিবাদ কিয় ? এই propoganda ই কাৰোবাক দেখুৱাই কোনোবা দুখীয়াক বঞ্চিত কৰিছে ৷সকলোৰে বাবে এক policy এক বিচ্যুতি ৷ (five year plan.বোৰ বাৰে বাৰে ব্যাৰ্থ হোৱাৰ দৰে ) বামো এই centrist দৃষ্টিভংগীৰ পৰা মুক্ত নহয় ৷
5) জ্ঞানৰ এই মহা বিষ্ফোৰনৰ যুগত বহু বিদেশী বিশ্ববিদ্যায়লৰ পাঠ্যক্ৰম online উপলদ্ধ ৷ অসমত এই Online শিক্ষা বন্ধ হওক বুলি চলোৱা propoganda ৰ উদ্দেশ্য কি ? অসমৰ কিমানখন কলেজ বিশ্ববিদ্যালয়ে নিজৰ শ্ৰেনীকোঠাৰ জ্ঞান প্ৰচাৰ কৰে ? যদি নকৰে কিয় নকৰে ? Online শিক্ষা বন্ধ কৰাৰ দাবী এইবোৰ দৃষ্টিভংগীৰ আন এটা ৰূপ নেকি ?
6) এটা সংগঠন সোচ্চাৰ হৈছে ৷ online class বন্ধ কৰাৰ বাবে উঠি পৰি লাগিছে ৷ তাৰ লগত যোগ দিছে বা নৈতিক সমৰ্থন দিছে কেইজনমান বামভাবপন্ন ব্যক্তিয়ে ৷ইয়াৰ কাৰন কি ? online class বন্ধ কৰিলে শিক্ষা সংস্কাৰ হব ? নে ছাত্ৰ ছাত্ৰী আকৌ online শিক্ষাৰ পৰাও বঞ্চিত হব ? যদি বঞ্চিত হয় তাৰ পাছত এই সংগঠনবোৰে মুৰ পোলোকা দিব যে খাটাং ৷ কাৰন শিক্ষা সংস্কাৰ কৰি চৰকাৰক জবাবদিহী কৰিব পৰা ক্ষমতা এই চাকৰিজীবিৰে গঠিত সংগঠনবোৰৰ নাই l ছাত্ৰ সন্হাবোৰৰ ভুমিকা বেছি ৰাজনৈতিক , কম ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক ৷

8) এই online শিক্ষা বন্ধ কৰাৰ যি propoganda চলিছে তাৰ গুৰি ধৰিছে মধ্যবিত্তই ৷ মই মধ্যবিত্তই(????) আন মধ্যবিত্তই দুখীয়াৰহৈ কৰা কুছকাৱাজক সদায় সন্দেহৰ চকুৰেই চাও l
9) এই মায়োপিয়া আজিৰ নহয় ৷ মনত পৰিছে ধুতিনীতিৰে পৰিশিষ্ট কেইজনমানে এসময়ত computerisation ৰ ঘোৰ বিৰোধিতা কৰিছিল ৷ ই নিবনুৱা সৃষ্টি কৰিব ৷ আজিৰ যুগত কম্পিউটাৰাইজেচনৰ ফল আৰু তাৰ প্ৰগতিশীলতা নকলেও হব ৷ online শিক্ষা বন্ধৰ নামত যি myopic propoganda চলিছে সেয়া বন্ধ হওক ৷ online শিক্ষাৰ যদি প্ৰগতিশীলতা দেখা নাপায় সেয়া হয় মুৰ্খামি নহলে জানি শুনি কৰা ভণ্ডামি ৷ শিক্ষাৰ নামত যি hegemonynচলে , যি bureaucratisation কৰা হয় তাৰ ওপৰত ই আঘাত ৷ সমাজ পৰিবৰ্তনৰ যি ঐতিহাসিক প্ৰগতিশীলতাৰ ধাৰনা তাক বাৰে বাৰে ধাক্কাটো দি আছে প্ৰযুক্তিগত উদ্ভাবনাই ৷ প্ৰযুক্তিৰ এই দিশটো উলাই কৰাৰ অন্তৰালৰ আছে প্ৰযুক্তি ঐতিহাসিক ভাবে ধনীৰ পুতলা বুলিহে চকুত ভহা আৰু বহু বেছি পৰিমানে চাকৰি হেৰুওৱাৰ তাৎক্ষনিক ভয় ৷ তথাপি আমি internet আমাৰ মৌলিক অধিকাৰ বুলি চিঞৰো ৷ internet যদি মৌলিক অধিকাৰেই হয় ই কেবল সংযোগৰ বাবেই মৌলিক অধিকাৰ নে ? online শিক্ষা মৌলিক অধিকাৰ বুলি কবলৈ কেইখোজ মান গৈ ক’লেই হ’ল চোন ৷
10) গতিকে শেহত কও online class বন্ধৰ নামত সেই ফুকলীয়াবোৰে যি প্ৰতিবাদ কৰিছে সেইবোৰ ফুছুলনিত কৰা কাম ৷ আৰু যিকেইটা আদবয়সীয়াই প্ৰতিবাদ কৰিছে সিহত ভণ্ড আৰু দগাবাজ ৷ প্ৰতিবাদ হব লাগে বেচৰকাৰী কৰন, শিক্ষা সংকোচন , শিক্ষাৰ bureaucratisation শেষ কৰাৰ বাবে ৷ এইবোৰ নকৰি কিছুমানক ফুচুলাই propoganda চলাইছে ৷ সিহতে বুজা উচিত online class শেষ কৰিলেই স্কুল বেছি নহয় বেছি শি্ক্ষক নিযুক্ত নহয় হোষ্টেল নাবাঢ়ে ৷ ৷চৰকাৰে এই প্ৰতিবাদৰ উত্তাপ গম পাব লাগে লগে লগে online শিক্ষা বন্ধ কৰি দিব আৰু সকলো হাত সাবটি বহি থাকিব ৷এয়াইটো বিচাৰে ন ৷ কাৰন চৰকাৰক জবাবদিহি কৰিবৰ ইহতৰ সাহস আছে ? নাই ৷ সাহস আছে চাৰকাৰৰ হাতত ইপ্সিত কাম এটা তুলি ধৰাই দিয়াৰ ৷ আৰু এয়াই gramsci ৰ passive revolution , মধ্যবিত্তৰ passive revolution , যিটো ছাত্ৰ সন্হাকে ধৰি বহুতেই কৰি আহিছে ৷

লেখকৰ ইমেইলঃ Prabalkumarkalita@gmail.com

(প্ৰকাশিত মতামতসমূহ লেখকৰ সম্পূৰ্ণ ব্যক্তিগত)

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.