সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ব নেকি মাছুদ?

তালিবানে সামৰিক শক্তিৰ অপপ্ৰয়োগেৰে শাসনভাৰ হস্তগত কৰাৰ পিছত আফগানিস্তানত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। দুৰ্ধৰ্ষ তালিবানে দখল কৰি গৈছে আফগানিস্তানৰ ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ চহৰ। কিন্তু তাৰ মাজতে দেশখনৰ পাঞ্জশিৰ উপত্যকাত বিৰোধৰ সন্মুখীন হৈছে আগ্ৰাসী তালিবান। তালিবানে সমগ্ৰ দেশ কব্জা কৰাৰ পাছতো পাঞ্জশিৰ উপত্যকা দখল কৰি ৰাখিছে মাছুদ বাহিনীয়ে। কিন্তু নৃশংস তালিবানৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা কোন এই মাছুদ বাহিনী?
ইংলেণ্ডৰ কিংছ কলেজৰ প্ৰাক্তন ছাত্ৰ আহমেদ মাছুদৰ নেতৃত্বত আফগানিস্তানত চলিছে তালিবান প্ৰতিৰোধী অভিযান। পাঞ্জশিৰ উপত্যকাত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে তালিবান। কিন্তু ইয়াৰ মাজতে খবৰ আহিছে যে তালিবানে মাছুদ বাহিনীয়ে দখল কৰি থকা পাঞ্জশিৰৰ তিনিখন জিলা পুনৰ দখল কৰা বুলি দাবী উত্থাপন কৰিছে। পূৰ্বে খবৰ আহিছিল যে বাগলানৰ উত্তৰ প্ৰান্তৰ বানো, দেহ চালেহ আৰু পুল ই-হেচাৰ নামৰ জিলাকেইখন মাছুদে অধিগ্ৰহণ কৰি ৰাখিছে।
ৰয়টাৰ্ছে পৰিৱেশন কৰা বাতৰি মতে মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে টুইটযোগে সদৰী কৰিছে তালিবান যোদ্ধাসকলে বিগত সোমবাৰৰ পূৰ্বেই পাঞ্জশিৰৰ জিলাসমূহ দখল কৰিছিল। তালিবানে এতিয়া পাঞ্জশিৰ উপত্যকাৰ ওচৰৰ বাদাখশান, তাখাৰ আৰু আন্দাৰাবত একত্ৰিত হৈ নিজৰ সামৰিক ঘাটি নিৰ্মাণ কৰিছে। বিগত দেওবাৰে তালিবানে মাছুদ বাহিনীক প্ৰত্যাহ্বান জনাবলৈ শ শ যোদ্ধা পাঞ্জশিৰ উপত্যকাৰ ফালে আগবাঢ়িছে বুলি সদম্ভে ঘোষণা কৰিছিল। পাঞ্জশিৰ উপত্যকা তালিবানৰ বাবে এটা ডাঙৰ মূৰৰ কামোৰণি কাৰণ আফগানিস্তানৰ এই অঞ্চলটোত তালিবানে এতিয়াও কৰ্তৃত্ব স্থাপন কৰিব পৰা নাই। ইমান বিপদসংকুল সময়তো তালিবানৰ সন্মুখত মুকলি প্ৰত্যাহ্বান হৈ থিয় দিছে পাঞ্জশিৰ। এই পাঞ্জশিৰ উপত্যকা দীৰ্ঘদিন ধৰি তালিবান বিৰোধী শক্তিৰ দুৰ্গ হিচাপে পৰিচিত। পাঞ্জশিৰ আফগানিস্তানৰ এনে এখন প্ৰদেশ যিখন তালিবানটো বাদেই ছোভিয়েট ইউনিয়ন কিম্বা আমেৰিকা যুক্তৰাষ্ট্ৰইয়ো সম্পূৰ্ণৰূপে দখল কৰিব পৰা নাছিল। পাঞ্জশিৰৰ দুই বিশ্বস্ত যোদ্ধা অমৰুল্লাহ চালেহ আৰু আহমেদ মাছুদে এতিয়া তালিবানৰ সন্মুখত থিয় কৰাইছে পাহাৰসম প্ৰত্যাহ্বান।
তালিবান বিৰোধী গোটৰ জেষ্ঠ নেতা অমৰুল্লাহ চালেহে ঘোষণা কৰিছে যে পাঞ্জশিৰ দখল কৰিবলৈ কাকো অনুমতি দিয়া নহ’ব। তালিবান বিৰোধী গোটৰ আন এজন নেতা আহমেদ মাছুদে অমৰুল্লাহ চালেহৰ সৈতে তালিবানৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাৰ বাবে দৃঢ় আহ্বান জনাইছে। আহমেদ মাছুদ আহমেদ শ্বাহ মাছুদৰ পুত্ৰ। আহমাদ শ্বাহ মাছুদ তালিবানৰ বিৰুদ্ধে সংগঠিত স্থলসেনা দলৰ নেতা আছিল। আহমাদ শ্বাহ মাছুদেই তালিবানৰ বিৰুদ্ধে উত্তৰ- মিত্ৰজোঁট গঠন কৰিছিল। ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ আক্ৰমণৰ দুদিন আগতে আল কায়দাই আহমেদ শ্বাহ মাছুদক হত্যা কৰিছিল। এই ঘটনাৰ পিছতে আহমেদ মাছুদে সেনাৰ দায়িত্ব চম্ভালিবলৈ আৰম্ভ কৰিছিল।

Leave A Reply

Your email address will not be published.