সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানে পালন কৰা কি এই শ্বাৰিয়া আইন ?

আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে  আটাইতকৈ অসুৰক্ষিত হৈ পৰিছে মহিলাসকল ৷ তালিবানে মহিলাসকলৰ ক্ষেত্ৰত পূৰ্বৰ দৃষ্টিভংগী সলনি কৰিব বুলি ঘোষণা কৰিছে যদিও সকলো শ্বাৰিয়া আইন অনুসৰি পৰিচালিত হ’ব ৷ ইছলামৰ আটাইতকৈ কঠোৰ আইনখনেই হৈছে শ্বাৰিয়া আইন ৷ কিন্তু কি এই শ্বৰিয়া আইন ? এই আইনখনৰ বিষয়ে বহুতেই হয়তো অৱগত নহয়।শেহতীয়াকৈ ইছলাম ধৰ্মৰ এই আইন ব্যাপক চৰ্চালৈ আহিছে।

কি এই শ্বাৰিয়া  আইন?    

- Donation -

শ্বাৰিয়া হৈছে ইছলাম ধৰ্মৰ আইনী ব্যৱস্থা।ইয়াৰ অৰ্থ হৈছে “পানীৰ স্পষ্ট  সুগম পথ”। ইছলামৰ ধৰ্মীয় গ্ৰন্থ কোৰান আৰু ইছলামী বিদ্যান সকলৰ দ্বাৰা দিয়া সিদ্ধান্ত যাক ‘ফটোৱা’ বুলি কোৱা হয় , এই দুয়োৰে সংমিশ্ৰণত তৈয়াৰ কৰা হৈছিল শ্বাৰিয়া আইন। তালিবানসকল মুখ্যৰূপত আফগানিস্তানত বাস কৰা পাছতুন জনজাতিৰ সৈতে সম্বন্ধিত হোৱাৰ লগতে চুন্নী ইছলামৰ অন্তৰ্গত। চুন্নী হৈছে ইছলাম ধৰ্মৰ এটা ভাগ ।আৰু এই চুন্নী ভাগৰ অন্তৰ্গত লোকসকলে শ্বাৰিয়া আইন প্ৰধানতঃ অনুসৰণ কৰে।

ইছলাম ধৰ্মৰ আধাৰত তৈয়াৰ কৰা এই শ্বাৰিয়া আইনত প্ৰাৰ্থনা কৰা , উপবাস ৰখা আৰু দুখীয়াক সহায় কৰা আদি উপদেশ উল্লেখ কৰা আছে।

এই আইনৰ প্ৰশিক্ষণৰ বাবে ৫খন পৃথক পৃথক বিদ্যালয় আছে। হনবলি , মলিকী , সফী , আৰু হনফি এই চাৰিটা ভাগত ভাগ কৰা হয় এই শ্বাৰিয়া আইনখন। ইছলামধৰ্মী সকলৰ দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই এই আইনখনে নিয়ম নিৰ্ধাৰণ কৰিছে।

তদুপৰি এই আইনখনত উল্লেখ আছে কিছুমান আশ্চৰ্যজনক নিয়ম। যেনে -কলা সংগীত , টেলিভিছন , ভিডিও আদি নিষেধ কৰাৰ লগতে , যিসকল পুৰুষে দিনত পাঁচবাৰ নামাজ নপঢ়ে সেইসকল পুৰুষক মাৰিবলৈ নিৰ্দেশ দিয়া হৈছে এই আইনখনত।

শ্বাৰিয়াত অপৰাধক কিদৰে গণ্য কৰা হয় ?

এই আইনৰ অধীনত অপৰাধক তিনিটা ভাগত ভাগ কৰা হয়। অপৰাধৰ ভাগসমূহ হৈছে-তাজিৰ , কিছাছ আৰু হুদুদছ।

তাজিৰক আটাইতকৈ নিম্নস্তৰৰ অপৰাধ হিচাপে গণ্য কৰা হয়। এই অপৰাধত দোষীক ন্যায়াধীশৰ বিবেকেৰে এৰি দিয়া হয়।

দ্বিতীয়টো অপৰাধ হৈছে  কিছাছ। এই পৰ্যায়ৰ অপৰাধী সকলক পীড়িতৰ সমানেই শাস্তি প্ৰদান কৰা হয়।

তৃতীয়তো হুদুদছ।শ্বাৰিয়াত ইয়াক আটাইতকৈ গম্ভীৰ অপৰাধ বুলি গণ্য কৰা হয়।ইয়াৰ ভগৱানৰ বিৰুদ্ধে অপৰাধ বুলি গণ্য কৰা হয়।

 মহিলাৰ ক্ষেত্ৰত কি নিষেধাজ্ঞা ?

মহিলাৰ ক্ষেত্ৰতো এই শ্বাৰিয়া আইনে বহুতো নিষেধাজ্ঞাৰ নিৰ্দেশনা প্ৰদান কৰিছে। আইনখনত মহিলাৰ ক্ষেত্ৰত উল্লেখ কৰা নিয়ম সমূহ শুনিলে আপোনাৰো চকু কপালত উঠিব।

মহিলাসকলক ওখ চেন্দেল পিন্ধিবলৈ মানে কৰা হয় , যাতে পুৰুষে মহিলাৰ খোজৰ শব্দ শুনিব নোৱাৰে। দ্বিতীয়তে , যদি কোনো মহিলাই সাৰ্বজনীন ৰূপত কথাও পাতে , তেন্তে মহিলাগৰাকীৰ কণ্ঠস্বৰ ইমান কম হব লাগিব , যাতে কোনো অচিনাকি ব্যক্তিয়ে মহিলাগৰাকীৰ মাত শুনিব নোৱাৰে।

শ্বাৰিয়া আইন অনুসৰি পূৰ্বতে তালিবানে কিতাপ , বাতৰি কাকত , আৰু দোকান আদিৰ পৰা মহিলা সকলৰ ফটো , ভিডিও আদি যিকোনো বস্তুৰ ওপৰত প্ৰতিবন্ধকতা আনি দিছিল।  যিসকল মহিলাই এই নিয়মসমূহ পালন কৰা নাছিল , তালিবানে সেই মহিলা সকলক সাৰ্বজনীন ৰূপত অত্যাচাৰ কৰিছিল , আনকি সাৰ্বজনীন ৰূপে শিল দলিওৱা , ফাঁচী দিয়া পৰ্যন্ত শাস্তি প্ৰদান কৰা হৈছিল মহিলা সকলক।

ক’ত ক’ত প্ৰযোজ্য হয় শ্বাৰিয়া আইন ?

ইছলামী শ্বাৰিয়া আইন কেৱল আফগানিস্তামতেই অনুসৰণ কৰা নহয়। বিশ্বৰ বিভিন্ন প্ৰান্ত যেনে – নাইজেৰিয়া , কেনিয়া , আৰু ইথয়ুপিয়া আদিতো শ্বাৰিয়া আইন অনুসৰণ কৰা হয় ।  আফগানিস্তানতো তালিবানে বাস্তৱিক ইছলামী ব্যৱস্থা স্থাপন কৰাৰ অৰ্থে এই আইন প্ৰযোজ্য কৰিছিল। শ্বাৰিয়াক পালন কৰিবলৈ গৈ  তালিবানে ইতিমধ্যে মহিলাসকলৰ শিক্ষা আৰু চাকৰি কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আনিছে ৷

পূৰ্বতে আফগানিস্তানত তালিবানে কৰা শাসন কালত মহিলা সকলে বোৰ্খা পিন্ধা অনিবাৰ্য আছিল। ছোৱালীবোৰৰ স্কুল যোৱাৰ অনুমতি নাছিল। পুৰুষ চিকিৎসকৰ চিকিৎসা লাভ কৰাৰ অনুমতি নাছিল , কোনো মহিলা অকলে বাহিৰলৈ যোৱাৰ অনুমতি নাছিল।

সেয়েহে এতিয়া পুনৰ তালিবানৰ আফগানিস্তান দখলৰ পাছত চিন্তিত হৈ পৰিছে দেশবাসী। আফগানিস্তানৰ মহিলাসকলক লৈ সমগ্ৰ বিশ্ব এতিয়া শংকিত হৈ পৰিছে ৷

 

Leave A Reply

Your email address will not be published.