শিৱসাগৰৰ হোটেলত নিশা কি কথা পাতিলে অখিল গগৈ আৰু ভূপেন বৰাই ?

Share This Article

উপ- নিৰ্বাচনৰ প্ৰাকক্ষণত শিৱসাগৰত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷সোমবাৰে নিশা শিৱসাগৰৰ এখন হোটেলত দুয়োটা দলৰ নেতা দুগৰাকীয়ে প্ৰায় দুঘন্টা সময় ধৰি আলোচনা কৰে ৷ এই আলোচনাত বিশেষকৈ মৰিয়ণি আৰু থাওৰা সমষ্টিৰ উপ –নিৰ্বাচনৰ প্ৰসংগই স্থান পায় ৷
আলোচনাৰ শেষত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত কয় যে নিৰ্বাচন সন্দৰ্ভত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই ৷ এক সৌজন্যমূলক সাক্ষাতহে আছিল এয়া ৷ ভূপেন বৰা সভাপতি হোৱাৰ পাছত এয়া প্ৰথম সাক্ষাৎ ৷ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি ওফৰাই দিবলৈ দুয়োটা দলে ঐক্যবদ্ধভাৱে কাম কৰাক লৈ আলোচনা কৰা হৈছে ৷ সেয়া উপ নিৰ্বাচনেই হওক বা বিধানসভা – লোকসভা নিৰ্বাচনেই হওক ৷ ইপিনে , প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সোমবাৰৰ নিশাৰ আলোচনা সন্দৰ্ভত কয় যে অখিল গগৈ অসমৰ এক সংগ্ৰামী সত্তা ৷ বিধানসভাৰ ভিতৰতো এজ সৰৱ কণ্ঠ ৷নদীবান্ধ বিৰুদ্ধে তেও ৰাজপথত আন্দোলন কৰাৰ সময়ত বিধায়ক হিচাপে বৰাই সদনত বান্ধৰ বিৰোধিতা কৰিছিল ৷ থাওৰাৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ অহা বৰাই শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়কগৰাকীক সৌজন্যমূলক সাক্ষাৎ কৰিছে বুলি জানিবলৈ দিয়ে ৷
বিগত কিছুদিন ধৰি শিৱসাগৰৰ লগতে থাওৰা , মৰিয়ণিতো সক্ৰিয় ৰূপত দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ৷ তাৰ মাজত ভূপেন বৰাৰ লগত সোমবাৰৰ নিশাৰ বৈঠকে ৰাজনীতিৰ নতুন সমীকৰণৰ ইংগিত বহন কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.