সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমত আৰু দুজন ক’ৰোনাত আক্ৰান্ত,মুঠ ১০৬

ৰাজ্যত পুনৰ দুজন ব্যক্তি ক'ৰোনাত আক্ৰান্ত।কাছাৰ জিলাত চিনাক্ত হৈছে দুই নতুন আক্ৰান্ত।সোমবাৰে দিনটোত মুঠ ছয়জন আক্ৰান্ত চিনাক্ত হৈছে অসমত।বৰ্তমান ৰাজ্যত ১০৬ জনলৈ বৃদ্ধি পালে ক'ৰোনা আক্ৰান্ত।টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমত আৰু দুজনৰ দেহত ক’ৰোনা ,মুঠ ১০৪

অসমত পুনৰ বাঢ়িল ক'ৰোনা ৰোগী ৷ এইবাৰ গোলাঘাটৰ ২ গৰাকী ব্যক্তিৰ দেহত ক'ৰোনাৰ সংক্ৰমন ধৰা পৰিছে৷ এতিয়ালৈ অসমত ক'ৰোনা অক্ৰান্তৰ মুঠ সংখ্যা হ'ল ১০৪৷ Alert ~ Two persons have tested #COVID19 + in Golaghat. ↗️Total cases 104↗️Recovered 41↗️Active…

১৬ মে’ত ভাৰত ক’ৰোনামুক্ত হোৱাৰ কথা কৈছিল কেন্দ্ৰৰ বিশেষজ্ঞ সমিতিয়ে

১৬ মে'ত দেশত ক'ৰোনা আক্ৰান্তৰ সংখ্যা শূণ্য হ'ব।অৰ্থাৎ,১৬ মে'ৰ পিছত ভাৰত ক'ৰোনা মুক্ত হ'ব।যোৱা ২৪ এপ্ৰিলত এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। উল্লেখনীয় যে,ক'ৰোনা ভাইৰাছৰ পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন এখন…

ছপা মাধ্যমৰ সংকট

"সৌৰভ কুমাৰ চলিহাক এবাৰ সোধোতে কৈছিল, তেওঁ হেনো লিখে ছপা আখৰত নিজৰ নামটো দেখিবলৈ। এতিয়া হয়তো ছপাবলৈ বুলিয়েই লিখা-মেলা কৰা মানুহৰ সংখ্যা নোহোৱা হ’ব। এফালৰ পৰা এগাল মানুহৰ চাকৰি নোহোৱা হ’ব। আন ফালে নতুন নতুন চাকৰি ওলাব। এফালে মাৰে, এফালে…

ৰেড জ’নৰ পৰা চলিছে ৬৬৮ খন শ্ৰমিক স্পেচিয়েল ৰে’ল

দেশৰ লাখ লাখ শ্ৰমিকৰ সীমাহীন বিলাই বিপত্তি দেখি অৱশেষত চৰকাৰে শ্ৰমিক স্পেচিয়েল ৰে’লৰ চলাচল আৰম্ভ কৰিলে৷ ৰে’ল বিভাগে ১ হাজাৰখন শ্ৰমিকৰ বাবে বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা কৰিছে৷ বিভাগটোৰ ফালৰ পৰা কোৱা হৈছে যে এই ৰে’লৰ জৰিয়তে মুঠ ৮ লাখ শ্ৰমিক…

অসমত ক’ৰোনা ৰোগীৰ মৃত্যু

অসমত ক'ৰোনা আক্ৰান্ত এজন লোকৰ আজি মৃত্যু হয় ৷ লোকজনৰ নাম গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰ ৷ জি এম চি এইচত চিকিৎসাধীন অৱস্থাত আজি ৭১ বছৰীয়া লোকজনৰ মৃত্যু হয়৷ তেওঁকে ধৰি অসমত ক'ৰোনা আক্ৰান্ত মুঠ ৩ গৰাকী লোকৰ মৃত্যু হ'ল৷ উল্লেখ্য যে ,ডিঙিৰ কৰ্কট ৰোগত…

অসমত আৰু দুজনৰ দেহত ক’ৰোনা,১০২ লৈ বৃদ্ধি

ৰাজ্যত আৰু দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰোনা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে এজন যোৰহাটৰ আৰু আনজন নগাৱৰ৷ দুয়োগৰাকী লোক সম্প্ৰতি কোৱাৰেন্টাইন চেন্টাৰত আছে৷ ইয়াকে লৈ অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত…

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? WHO ৰ পৰা উত্তৰ লাগে ভাৰতক

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? ভাৰতেও এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ৷ আনহাতে , এই ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে -তাৰো নিৰপেক্ষ মূল্যায়ন বিচাৰিছে ভাৰতসহ বিশ্বৰ…

আহি আছে ঘূৰ্ণীবতাহ ‘আমফান’

ৰঙাচকু দেখুৱাই আহি আছে ‘আমফান’৷ জন্মৰ ২৪ ঘন্টাৰ ভিতৰতে বিধ্বংসী ৰূপ লৈছে আমফানে৷ আমফান এবিধ ঘূৰ্ণী বতাহৰ নাম ৷ জলবায়ু বিজ্ঞানী সকলৰ মতে সাগৰৰ জলপৃষ্ঠৰ উষ্ণতা ২৬.৫ডিগ্ৰী চেলচিয়াছতকৈ বেছি হ’লেই ঘূৰ্ণীবতাহ তৈয়াৰ হয়৷ এইবাৰ বংগোপসাগৰৰ জলপৃষ্ঠৰ…