সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আহি আছে ঘূৰ্ণীবতাহ ‘আমফান’

ৰঙাচকু দেখুৱাই আহি আছে ‘আমফান’৷ জন্মৰ ২৪ ঘন্টাৰ ভিতৰতে বিধ্বংসী ৰূপ লৈছে আমফানে৷ আমফান এবিধ ঘূৰ্ণী বতাহৰ নাম ৷ জলবায়ু বিজ্ঞানী সকলৰ মতে সাগৰৰ জলপৃষ্ঠৰ উষ্ণতা ২৬.৫ডিগ্ৰী চেলচিয়াছতকৈ বেছি হ’লেই ঘূৰ্ণীবতাহ তৈয়াৰ হয়৷ এইবাৰ বংগোপসাগৰৰ জলপৃষ্ঠৰ উষ্ণতা কিছু বেছি হোৱাৰ লগে লগে আমফানে মাৰাত্মক ৰূপ লৈছে৷ ইতিমধ্যে আমফানে খুন্দিয়াইছে ওড়িশা,পশ্চিমবংগত৷ ৰাজ্যদুখনৰ বহু ঠাইত হাইএলাৰ্ট জাৰি কৰা হৈছে ৷ নিষিদ্ধ কৰা হৈছে সাগৰত মৎস চিকাৰ ৷বুধবাৰলৈ পৰিস্থিতি হ’ব পাৰে অধিক ভয়ংকৰ৷ কেন্দ্ৰীয় জলবায়ু বিভাগৰ মতে আমফানৰ আগমনৰ ফলত ১২০ ৰ পৰা ১৪০ কিলোমিটাৰ প্ৰতিঘন্টা গতিবেগত বতাহ বলিব ৷ কোনো সময়ত আমফানৰ গতিবেগ ১৫৫ কিলোমিটাৰ পৰ্যন্তও হ’ব পাৰে ৷ বিভাগটোৰ মতে , আমফানৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব পশ্চিমবংগ ,ওড়িশা আৰু বাংলাদেশত ৷ অসমত ইয়াৰ পাৰ্শ্বক্ৰিয়া দেখা যাব নেকি – সেই সন্দৰ্ভত এতিয়ালৈকে জলবায়ু বিভাগৰ পৰা একো জনোৱা হোৱা নাই৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.