ৰেড জ’নৰ পৰা চলিছে ৬৬৮ খন শ্ৰমিক স্পেচিয়েল ৰে’ল

Share This Article

দেশৰ লাখ লাখ শ্ৰমিকৰ সীমাহীন বিলাই বিপত্তি দেখি অৱশেষত চৰকাৰে শ্ৰমিক স্পেচিয়েল ৰে’লৰ চলাচল আৰম্ভ কৰিলে৷ ৰে’ল বিভাগে ১ হাজাৰখন শ্ৰমিকৰ বাবে বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা কৰিছে৷ বিভাগটোৰ ফালৰ পৰা কোৱা হৈছে যে এই ৰে’লৰ জৰিয়তে মুঠ ৮ লাখ শ্ৰমিক নিজৰ ঘৰলৈ যাব পাৰিব৷ কিন্তু মন কৰিবলগীয়া কথাটো হৈছে অধিকাংশ শ্ৰমিক স্পেচিয়েল ৰে’ল ৰেড জ’নত থকা জিলাৰ পৰা চলাচল কৰিছে৷ তথ্য অনুসৰি ,শ্ৰমিক স্পেচিয়েল ৰে’লৰ ৬৬৮ খনেই ৰেড জ’নৰ পৰা অন্যান্য স্থানলৈ যাত্ৰী কঢ়িয়াই নিছে ৷ ইয়াৰে ৫০৮ খনৰ লক্ষ্যস্থান হ’ল অৰেঞ্জ বা গ্ৰীণ জ’নত থকা জিলা৷ এইদৰে ৰেড জ’নৰ পৰা নিজৰ গাঁৱত গৈ উপস্থিত হোৱা শ্ৰমিকসকলক কোৱাৰেন্টাইন কৰাটো আন এক প্ৰত্যাহ্বান হৈ পৰিছে৷ ইফালে, মাত্ৰ ৭১ খন বিশেষ শ্ৰমিকৰ ৰে’লেহে গ্ৰীণ জ’নৰ পৰা যাত্ৰা আৰম্ভ কৰিছে৷ এইমছৰ সঞ্চালক ৰণদ্বীপ গুলেৰিয়াই ৰেড জ;নৰ পৰা যোৱা শ্ৰমিকসকলৰ আইছ’লেচন অতি জৰুৰী বুলি মন্তব্য কৰিছে৷ তেওঁ কয় যে ৰেণ্ডম টেষ্টতকৈ শ্ৰমিকসকলৰ ১৪ দিনৰ কোৱাৰেন্টাইন বেছি গুৰুত্বপূৰ্ণ৷ ইয়াৰ জৰিয়তেহে ক’ৰোনাৰ সংক্ৰমনক বাধা দিব পৰা যাব৷উল্লেখ্য যে,অধিকাংশ শ্ৰমিক স্পেচিয়েল ৰে’লৰ লক্ষ্যস্থান হ’ল বিহাৰ ,উত্তৰ প্ৰদেশ , ঝাৰখণ্ড ,ওড়িষা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.