Hello শব্দ ব্যৱহাৰত নিষেধাজ্ঞা
চুপ,হেল্ল’বুলি নক’ব!
- Donation -
কোনো আত্মীয়তা নাই হেল্ল’ শব্দটোত
হেল্ল’ৰ পৰিবৰ্তে কওক ‘বন্দে মাতৰম’ ফোনটো উঠাই আৰু হেল্ল’ বুলি ক’ব নোৱাৰিব !
হয়,আপুনি যদি চৰকাৰী চাকৰিয়াল অথবা চৰকাৰী সাহাৰ্যপ্ৰাপ্ত অনুষ্ঠানৰ কৰ্মচাৰী,তেন্তে আপোনাৰ বাবেই এই নিৰ্দেশনা
চৰকাৰী ধনেৰে পৰিয়াল প্ৰতিপালন কৰিছে যেতিয়া আপুনি আৰু চৰকাৰৰ বিৰুদ্ধে গৈ হেল্ল’ উচ্চাৰণ কৰিব নোৱাৰিব৷
এই চৰকাৰী নিৰ্দেশনা জাৰি হৈছে মহাৰাষ্ট্ৰত
শনিবাৰে এই নিৰ্দেশ প্ৰদান কৰে মহাৰাষ্ট্ৰ চৰকাৰে৷
কেৱল সেয়াই নহয়,আপুনি কাৰোবাক সাক্ষাৎ কৰোঁতেও আপুনি হাই,হেল্ল’ৰ সলনি ব্যৱহাৰ কৰিব লাগিব ‘বন্দে মাতৰম’৷
মহাৰাষ্ট্ৰ চৰকাৰে নিৰ্দেশটোৰ সমৰ্থনত যুক্তি দৰ্শাই কয় যে হেল্ল’ হ’ল এটা ইংৰাজী শব্দ৷
এই শব্দটোৰ লগত কোনো আত্মিকতাৰ ভাৱ নাই৷’বন্দে মাতৰম’ এটা অনুভৱ যিটো অনুভূতি প্ৰতিগৰাকী ভাৰতবাসীয়ে অনুভৱ কৰা উচিত ৷সেয়ে আমি চৰকাৰী আৰু সকলো অৰ্ধ চৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মীক হেল্ল’ শব্দৰ পৰিবৰ্তে ‘বন্দে মাতৰম ‘শব্দ প্ৰয়োগৰ নিৰ্দেশ জাৰি কৰিছোঁ ৷ ”