-বাপুৰ আদৰ্শেৰে উদ্বুদ্ধ কংগ্ৰেছ
ক্লান্ত হৈয়ো ‘অক্লান্ত’ ৰাহুল
ৰাহুল গান্ধী ভাগৰা নাই,জীৱনৰ josh হে পাইছে তেওঁ
“জাতিৰ পিতাৰ আদৰ্শৰে আমি ভাৰতক ঐক্যবদ্ধ কৰিব বিচাৰোঁ”-এনেদৰে দেওবাৰে পুৱাই টুইটাৰ যোগে মহাত্মা গান্ধীক স্মৰণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷
- Donation -
“বাপুৱে আমাক সত্য আৰু অহিংসাৰ পথেৰে আগবাঢ়িবলৈ শিকাইছিল৷তেওঁ প্ৰেম,মানৱীয়তাবোধ,শান্তি আৰু ভাতৃত্ববোধৰ বাণী বিলাইছিল”- এনেদৰে হিন্দীতো টুইট কৰে কংগ্ৰেছ নেতাজনে৷
উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে ‘ভাৰত জোড়ো’ যাত্ৰা৷
কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ প্ৰায় ৩,৫০০ কিলোমিটাৰ বাট পদযাত্ৰাৰে সাঙুৰি ল’ব কংগ্ৰেছ নেতৃত্বই৷
এই যাত্ৰা প্ৰায় ১৫০ দিন ধৰি চলিব৷তামিলনাডুত থকা প্ৰয়াত ৰাজীৱ গান্ধীৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি পুত্ৰ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিগত ৬ ছেপ্তেম্বৰৰ সন্ধিয়া ৫ বজাত আৰম্ভ কৰিছিল এই যাত্ৰা৷বৰ্তমান তামিলনাডুৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা কৰ্ণাটকত উপস্থিত হৈছে৷
এই যাত্ৰা পথ সম্পৰ্কত অলপতে মন্তব্য দি কংগ্ৰেছ নেতাগৰাকীয়ে কয় “ মাজে মাজে ভাগৰি পৰিছোঁ,কিন্তু জনতাৰ উছাহে মোক ভাগবোৰ নোহোৱা কৰি দিয়ে৷”