ক্লান্ত হৈয়ো ‘অক্লান্ত’ ৰাহুল

Share This Article

-বাপুৰ আদৰ্শেৰে উদ্বুদ্ধ কংগ্ৰেছ

ক্লান্ত হৈয়ো ‘অক্লান্ত’ ৰাহুল
ৰাহুল গান্ধী ভাগৰা নাই,জীৱনৰ josh হে পাইছে তেওঁ
“জাতিৰ পিতাৰ আদৰ্শৰে আমি ভাৰতক ঐক্যবদ্ধ কৰিব বিচাৰোঁ”-এনেদৰে দেওবাৰে পুৱাই টুইটাৰ যোগে মহাত্মা গান্ধীক স্মৰণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷

“বাপুৱে আমাক সত্য আৰু অহিংসাৰ পথেৰে আগবাঢ়িবলৈ শিকাইছিল৷তেওঁ প্ৰেম,মানৱীয়তাবোধ,শান্তি আৰু ভাতৃত্ববোধৰ বাণী বিলাইছিল”- এনেদৰে হিন্দীতো টুইট কৰে কংগ্ৰেছ নেতাজনে৷

উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে ‘ভাৰত জোড়ো’ যাত্ৰা৷

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ প্ৰায় ৩,৫০০ কিলোমিটাৰ বাট পদযাত্ৰাৰে সাঙুৰি ল’ব কংগ্ৰেছ নেতৃত্বই৷
এই যাত্ৰা প্ৰায় ১৫০ দিন ধৰি চলিব৷তামিলনাডুত থকা প্ৰয়াত ৰাজীৱ গান্ধীৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি পুত্ৰ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিগত ৬ ছেপ্তেম্বৰৰ সন্ধিয়া ৫ বজাত আৰম্ভ কৰিছিল এই যাত্ৰা৷বৰ্তমান তামিলনাডুৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা কৰ্ণাটকত উপস্থিত হৈছে৷
এই যাত্ৰা পথ সম্পৰ্কত অলপতে মন্তব্য দি কংগ্ৰেছ নেতাগৰাকীয়ে কয় “ মাজে মাজে ভাগৰি পৰিছোঁ,কিন্তু জনতাৰ উছাহে মোক ভাগবোৰ নোহোৱা কৰি দিয়ে৷”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.