ক’ত গুৱাহাটীৰ GMC আৰু ক’ত ইন্দোৰৰ IMC ?

ডাষ্টবিন নাই অথচ দেশৰ শ্ৰেষ্ঠ পৰিস্কাৰ চহৰ ইন্দোৰ

১০ খন ছুপাৰ ছাকাৰ চলাব নোৱাৰা গুৱাহাটীৰ বিপৰীতে ইন্দোৰে দৈনিক চলাই ৮৫০ খন গাড়ী

কৰ,কৃত্ৰিম বানত জুৰুলা গুৱাহাটীৰ বিপৰীতে ইন্দোৰৰ বাৰ্ষিক আয় ১৫ কোটি

জাবৰৰ পৰা কোটিৰ ঘৰত উপাৰ্জন,
হয়,আমি ভুল কোৱা নাই ,আপুনি ঠিকেই শুনিছে,আমাৰ দেশতে আপুনি-মই ৰাস্তাই ঘাটে পেলোৱা জাবৰৰ পৰা উপাৰ্জন কৰিছে এটা চামে কোটি কোটি টকা৷

বিশ্বাস হোৱা নাই,শুনক তেন্তে৷

মধ্য প্ৰদেশৰ ইন্দোৰ নামৰ চহৰ খনে একেৰাহে ষষ্ঠবাৰৰ বাবে লাভ কৰিলে দেশৰ প্ৰথমখন পৰিস্কাৰ মহানগৰৰ স্বীকৃতি৷

ইন্দোৰৰ জনসংখ্যা প্ৰায় ৩৫ লাখ৷

ইন্দোৰ হ’ল মধ্য প্ৰদেশৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰ৷

কিন্তু আশ্চৰ্যকৰ বিষয় কি জানেনে,
প্ৰায় ৩৫ লাখ লোকৰ আবাসিক নগৰ খনত নাই এটাও ডাষ্টবিন৷

প্ৰতি দিনেই ১,২০০ টন শুকান জাবৰ উৎপন্ন হয় তাত ৷আনহাতে তিতা জাবৰ উৎপন্ন হয় প্ৰায় ৭০০ টন৷
কিন্তু জাবৰবোৰ ক’লৈ যায়,ক’ত জাবৰ পেলাই ইয়াৰ বাসিন্দাই?

“ আমাৰ চহৰত প্ৰায় ৮৫০ খন গাড়ী আছে৷এই গাড়ীবোৰে মানুহৰ ঘৰ আৰু বাণিজ্যিক বিল্ডিঙবোৰৰ পৰা জাবৰ সংগ্ৰহ কৰে৷তাৰ পিছত ইয়াক ৬ টা পৰ্যায়ত ভাগ কৰা হয়”- এনেদৰে মন্তব্য দিয়ে ইন্দোৰ মিউনিচিপাল কৰ্পৰেশ্যনৰ নগৰ পৰিস্কৰণ বিভাগটোৰ দায়িত্বত থকা অভিযন্তা মহেশ শৰ্মাই৷

জাবৰ নিস্কাষণ কৰা গাড়ীবোৰত বিভিন্ন ধৰণৰ জাৱৰৰ বাবে কেইবাটাও পৃথক পৃথক কম্পাৰ্টমেণ্ট আছে৷

জাবৰ নিস্কাষণৰ প্ৰক্ৰিয়াটোত বায়’ চিএনজি প্লেণ্ট ব্যৱহাৰ কৰা হয় ৷চলিত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় ডেৰ শ কোটি ব্যয়েৰে নিৰ্মাণ কৰা ৫৫০ মেট্ৰিক টন জাবৰ নিস্কাষণ কৰিব পৰা প্ৰকল্পটো উদ্বোধন কৰে৷

এই প্ৰকল্পটোৰ পৰা প্ৰতি দিনেই ১৭,০০০ ৰ পৰা ১৮,০০০ কেজি বায়’চিএনজি উৎপাদন হোৱাৰ লগতে প্ৰায় ১০ টন অৰ্গেনিক সাৰ প্ৰস্তুত কৰা হয় প্ৰতি দিনে৷
এই বায়’ চিএনজিৰ পৰাই প্ৰায় ১৫০ খন চিটি বাছ চলে আৰু বাণিজ্যিক চিএনজি ব্যৱহাৰ কৰা গাড়ীতকৈ এই গাড়ীৰ ব্যয় প্ৰতি কেজিত ৫ টকাকৈ কম হয়৷

ইন্দোৰ মিউনিচিপাল কৰ্পৰেশ্যনে বিগত বৰ্ষত ১৪.৪৫ কোটি টকা কেৱল জাবৰ বিক্ৰী কৰিয়েই উপাৰ্জন কৰিছিল৷

চলিত বৰ্ষত কৰ্পৰেশ্যনে এই উপাৰ্জনৰ পৰিমাণৰ লক্ষ্য ধাৰ্য কৰিছে ২০ কোটি৷

ইন্দোৰ চহৰখন পৰিস্কাৰ কৰি ৰাখিবলৈ ৩ টা চিফটত প্ৰায় ৮,৫০০ চাফাই কৰ্মীয়ে কাম কৰে৷

আনকি লেতেৰা অপৰিস্কাৰ পানীও সংগ্ৰহ কৰি প্ৰায় ২০০ ৰাজহুৱা পাৰ্কৰ গছগছনিত দিয়া কামত ব্যৱহাৰ কৰা হয়৷

তদুপৰি বিভিন্ন নিৰ্মাণৰ কামতো এই পানীবোৰ ব্যৱহাৰ কৰা হয়৷

যিটো সময়ত অসমৰ ৰাজধানী চহৰ তথা উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে ছুপাৰ ছাকাৰ ক্ৰয় কৰিও ব্যৱহাৰ কৰিব পৰা নাই কেৱল ধনৰ অভাৱত,সেই সময়ত ভাৰতৰে এখন চহৰে জাবৰৰ পৰাই
ঘটিছে কোটি কোটি টকা৷

আনহাতে,বিভিন্ন ব্যৱসায়িক
প্ৰতিষ্ঠান,জনতাৰ ওপৰত সম্পত্তিৰ কৰ জাপি দি জনতাক কোঙা কৰিও কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা নাই GMC এ, সেই সময়ত ইন্দোৰ মিউনিচিপাল কৰ্পৰেশ্যনৰ এই পদক্ষেপ নিতান্তই প্ৰশংসনীয় ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296